NORTHEAST NOW (Assamese)
অসম

‘কোভাক্স’ৰ প্ৰতি ভাৰতৰ দায়বদ্ধতা; হিন্দীতে টুইট কৰি প্ৰধান মন্ত্ৰী মোদীক ধন্যবাদ বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 12, 2020 4:11 pm
‘কোভাক্স’ৰ প্ৰতি ভাৰতৰ দায়বদ্ধতা; হিন্দীতে টুইট কৰি প্ৰধান মন্ত্ৰী মোদীক ধন্যবাদ বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীৰ

ভাৰতে বিশ্ব স্বাস্থ্য খণ্ডৰ প্ৰতি লোৱা পদক্ষেপৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্য্যবাহী টেড্ৰ’ছ আধানম গ্ৰেব্ৰেয়েচাছে বুধবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী গৰাকীয়ে ছ’চিয়েল মিডিয়াত হিন্দী ভাষাতে লিখি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ৰ’নাৰ ভেকচিন ‘কোভাক্স’ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত দেখুওৱা বিশ্বাস আৰু সমৰ্থনৰ লগতে বিশ্বজুৰি ক’ৰ’নাৰ ভেকচিন উপলব্ধ কৰোৱাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী গৰাকীয়ে মোদীক প্ৰশংসা কৰে।

‘‘আমাৰ সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত প্ৰধান মন্ত্ৰী মোদীৰ সৈতে এক গুৰুত্বপূৰ্ণ আৰু সফল টেলিফোনিক বাৰ্তালাপত অংশগ্ৰহণ কৰিলো,’’ টেড্ৰ’ছ আধানমে এইদৰে কয়।

আনহাতে, বিশ্বস্বাস্থ্য সংস্থাই ভাৰতে বিশ্ব স্বাস্থ্য খণ্ডৰ বাবে গ্ৰহণ কৰি অহা ভূমিকাৰ বাবেও প্ৰশংসা কৰে।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়ত ভাৰতে বিশ্বৰ বিভিন্ন দেশলৈ আহবঢ়োৱা সহযোগিতাৰ বাবে ভাৰতক বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে বহুদেশে প্ৰশংসা কৰিছে।

বিল গেটছেও প্ৰধান মন্ত্ৰী মোদীক কোভিড নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ বাবে প্ৰশংসা কৰিছিল।