NORTHEAST NOW (Assamese)
দেশ

পাণ মচলা খাই কোনে পিকালে বিধানসভাত! বিধায়কক সকীয়নি অধ্যক্ষৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 4, 2025 4:21 pm
পাণ মচলা খাই কোনে পিকালে বিধানসভাত! বিধায়কক সকীয়নি অধ্যক্ষৰ

মঙলবাৰে উত্তৰ প্ৰদেশ বিধানসভাত অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে অধ্যক্ষ সতীশ মহানাই বিধায়কসকলআচৰণ বিধি, ভদ্ৰতা, সভ্যতা আৰু স্বচ্ছতাৰ কথা সোৱৰাই দিয়ে।

এজ্ন বিধায়কে পাণ মচলা খাই বিধানসভাৰ চৌহদত পিক পেলোৱাৰ বাবে স্বচ্ছতাৰ কথা সোৱৰাই দিবলৈ বাধ্য হয় বিধানসভাৰ অধ্যক্ষ।

আজি পুৱা অধ্যক্ষই খবৰ লাভ কৰে যে এজন বিধায়কে বিধানসভাভিতৰত পা মছলা খাই পিক পেলাইছে।

অধ্যক্ষ মহানাই কয় যে তেওঁ নিজেই সেই পিক চাফা কৰিছে। গতিকে ভৱিষ্যতে এনে কাৰ্য নকৰিবলৈ বিধায়ক সকলক সোৱৰাই দিয়ে অধ্যক্ষগৰাকীয়ে।

অধ্যক্ষই লগতে কয় যে কোনে এই কাম কৰিলে তেওঁ তাৰ ভিডিঅদেখিছে। অৱশ্যে সেই বিধায়কজনৰ ভাবমূর্তি বেয়া ব বুলি তেওঁ নাম প্রকাশ কৰা নাই৷  বিধানসভাৰ বাহিৰ বিধায়কজন হাঁহিয়াতৰ পাত্ৰ হব বুলি আশংকা কৰি মহানাই নামটো গোপনে ৰখাৰ সিদ্ধান্ত লয়।

অৱশ্যে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকলোকে স্পষ্ট সতৰ্কবাণী জাৰি কৰে। তেওঁ কয়, “আজি পুৱা খবৰ পাইছো যে আমাৰ এজন বিধায়কে বিধানসভা হলৰ ভিতৰত পান মছলাৰ পিক পেলাইছে।”

তেওঁ কয় “সকলো সদস্যলৈ আবেদন জনাইছো, কোনোবাই এনেকুৱা কাম কৰা দেখিলে বাধা দিব। এই বিধানসভাখন পৰিষ্কাৰ কৰি ৰখাটো আপোনাৰ দায়িত্ব আৰু কৰ্তব্য।