NORTHEAST NOW (Assamese)

হাইড্ৰক্সিক্লৰ’কুইন দৰৱৰ পৰীক্ষাৰ ওপৰত বাধা আৰোপ WHOৰ

May 26, 2020 7:43 am · এন ই নাও নিউজ
বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী ডাঃ টেড্ৰ'ছ আধানম।

কৰ’না মহামাৰীৰ চিকিৎসাৰ বাবে হাইড্ৰক্সিক্লৰ’কুইনৰ পৰীক্ষাৰ ওপৰত বিশ্ব স্বাস্থ্য সংস্থা(WHO)ই বাধা আৰোপ কৰিছে।

সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়েই সাময়িকভাৱে ইয়াৰ পৰীক্ষা বন্ধ কৰা বুলি কোৱা হৈছে।

WHOৰ সঞ্চালক প্ৰধান ডাঃ টেড্ৰ’ছে কয় যে হাইড্ৰক্সিক্লৰ’কুইন আৰু ক্লৰ’কুইন দৰৱ প্ৰতিৰোধক্ষম বেমাৰ বা মেলেৰিয়াৰ ৰোগীৰ বাবে সুৰক্ষিত যদিও হাৰ্টৰ সৈতে জড়িত সমস্যাৰ ক্ষেত্ৰত ইয়াৰ ক্ষতিকাৰক প্ৰভাৱ দেখা গৈছে।

উল্লেখযোগ্য যে স্বাস্থ্য সম্বন্ধীয় প্ৰখ্যাত জাৰ্ণেল দ্য লেচেন্টেত দাবী কৰা হৈছিল যে মেলেৰিয়াৰ চিকিৎসাৰ বাবে ব্যৱহাৰ হোৱা দৰৱ হাইড্ৰক্সিক্লৰ’কুইন আৰু ক্লৰ’কুইনৰ কোভিড-১৯ ৰোগীৰ চিকিৎসাত উপযোগী হোৱাৰ কোনো প্ৰমান নাই।

তেওঁলোকে শেহতীয়া গৱেষণাৰ উল্লেখেৰে দাবী কৰিছিল যে মকোলাইড অবিহনে বা ইয়াৰ সৈতেও এই দুবিধ দৰৱ ব্যৱহাৰৰ ফলত কোভিড-১৯ ৰোগীৰ মৃত্যুৰ শংকা বৃদ্ধি পায়।

প্ৰায় ১৫হাজাৰ কোভিড-১৯ ৰোগীৰ ওপৰত এই গৱেষণা চলোৱা হৈছিল।

আনহাতে, ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আই চি এম আৰ)য়ে এক গৱেষণাত হাইড্ৰক্সিক্লৰ’কুইন ব্যৱহাৰ কৰিলে কোভিড-১৯ৰ পৰা সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস পোৱা বুলি দাবী কৰিছিল।

ইয়াৰ পাছতে ভাৰত চৰকাৰে কোভিড-১৯ৰ পৰা সুৰক্ষাৰ বাবে হাইড্ৰক্সিক্লৰ’কুইনৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছিল।

আই চি এম আৰে মেলেৰিয়াত ব্যৱহাৰৰ বাবে প্ৰসিদ্ধ হাইড্ৰক্সিক্লৰ’কুইন আৰু ক্লৰ’কুইনৰ ব্যৱহাৰৰ বাবে সংশোধিত নিৰ্দেশনাও জাৰি কৰিছে।

আনহাতে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কোভিড-১৯ৰ পৰা সুৰক্ষাৰ বাবে হাইড্ৰক্সিক্লৰ’কুইন সেৱন কৰাটো এতিয়া বন্ধ কৰিছে।

Related News