NORTHEAST NOW (Assamese)
জীৱনশৈলী

দাম্পত্য জীৱনত কাজিয়া হ’লে কোনে প্ৰথমে ক্ষমা খোজে? গোপন কথা ফাদিল কৰিলে ঐশ্বৰ্য ৰায় বচ্চনে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 18, 2026 6:52 am

বলিউডৰ গ্লেমাৰ জগতৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনৰ ব্যক্তিগত জীৱনক লৈ অনুৰাগীৰ মাজত সদায় উৎসুকতা থাকে। বিশ্বসুন্দৰীৰ খিতাপ আৰু জনপ্ৰিয়তাৰ আঁৰতো ঐশ্বৰ্য যে এগৰাকী অতি সহজ-সৰল মহিলা, তাৰেই এক নিদৰ্শন পোৱা গৈছিল দ্য কপিল শৰ্মা শ্বৰ মঞ্চত। বৰ্তমান তেওঁক ডাঙৰ পৰ্দাত আগতকৈ কমকৈ দেখা গলেও ছচিয়েল মিডিয়াৰ জৰিয়তে তেওঁৰ পুৰণি সাক্ষাৎকাৰবোৰ প্ৰায়েই চৰ্চালৈ আহে।

কপিল শৰ্মাৰ এই অনুষ্ঠানত সঞ্চালক কপিল শৰ্মাই ধেমালিৰ চলেৰে ঐশ্বৰ্যক তেওঁৰ শান্ত স্বভাৱৰ বিষয়ে প্ৰশ্ন কৰিছিল। স্বামী-স্ত্ৰীৰ মাজত সৰু-সুৰা মনোমালিন্য হোৱাটো স্বাভাৱিক বুলি উল্লেখ কৰি কপিলে জানিব বিচাৰিছিল যে অভিষেক বচ্চনৰ সৈতে কাজিয়া হলে কোনে প্ৰথমে চৰী বা ক্ষমা খোজে। এই প্ৰশ্নৰ উত্তৰত কোনো দ্বিধাবোধ নকৰাকৈ ঐশ্বৰ্যই জনাইছিল যে তেওঁ নিজেই প্ৰথমে ক্ষমা খোজে।

ঐশ্বৰ্যই উল্লেখ কৰে যে যিকোনো বিবাদ সোনকালে মিটাই লোৱাটোৱেই তেওঁৰ লক্ষ্য থাকে, সেয়েহে তেওঁ নিজেই আগবাঢ়ি গৈ চৰী বুলি কয়। তেওঁৰ এই স্পষ্ট আৰু সহজ স্বীকাৰোক্তিৰ পাছতে কপিলে ধেমালি কৰি কয় যে ইমান ধুনীয়া এগৰাকী পত্নীয়ে যদি নিজেই ক্ষমা খোজে, তেন্তে অভিষেকৰ বাবে ই সঁচাকৈয়ে ঈশ্বৰৰ আশীৰ্বাদ। এই মন্তব্যই ষ্টুডিঅত উপস্থিত সকলোৰে মাজত হাঁহিৰ ৰোল তুলিছিল।

বিগত কিছু সময় ধৰি ঐশ্বৰ্য আৰু অভিষেকৰ বৈবাহিক সম্পৰ্কক লৈ বিভিন্ন উৰাবাতৰি ওলাই আছে যদিও এই বিষয়ত তেওঁলোকে কোনোদিনেই ৰাজহুৱাকৈ মন্তব্য কৰা নাই। এই তাৰকা দম্পতীয়ে সদায় নিজৰ ব্যক্তিগত জীৱনটো চৰ্চাৰ পৰা আঁতৰাই ৰাখিবলৈ পছন্দ কৰে।