NORTHEAST NOW (Assamese)
অসম

অসমৰ ৰাজনীতিত ‘হিন্দু জিন্না’ আখ্যা কোনে পালে?

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক January 16, 2019 7:13 pm
Tarun Gogoi

স্বাধীনতা আন্দোলনৰ সময়ত ধৰ্মৰ নামত দেশক বিভাজন কৰা মূল হোতা মহম্মদ আলী জিন্নাৰ কথা আমি জানো। জিন্নাৰ প্ৰচেষ্টাতেই ইছলাম ধৰ্মাৱলম্বী দেশ পাকিস্তানৰ জন্ম হৈছিল। পিছে এতিয়া অসমতো এজন ‘জিন্না’ৰ জন্ম হৈছে!

অসমত ‘জিন্না’ৰ জন্ম হোৱা খবৰটো পিছে জনাইছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। গগৈয়ে লগতে কৈছে এইজন জিন্না ইছলাম ধৰ্মাৱলম্বী নহয়। তেওঁ ‘হিন্দু জিন্না’হে! পিছে এই হিন্দু জিন্না কোন?

তৰুণ গগৈয়ে আজি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কোৱা ‘হিন্দু জিন্না’জন ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

গগৈয়ে কয়, ‘হিমন্ত বিশ্ব শৰ্মাই জিন্নাৰ আদৰ্শে অনুসৰণ কৰি হিন্দু-মুছলমানৰ মাজত বিদ্বেষৰ ভাব প্ৰচাৰ কৰি আমাক ভাগ ভাগ কৰিব বিচাৰিছে। সেইটো আটাইতকৈ দুৰ্ভাগ্যজনক’।

একেটা প্ৰসংগতে তেওঁ কয় যে বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে ধৰ্মৰ নামত ভাৰতৰ মানুহৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰি থকা বুলিও মন্তব্য কৰে।

উল্লেখ্য যে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা ৪ জানুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত শিলচৰত উদাত্ত ভাষণ প্ৰদান কৰি ‘ৰাহুল গান্ধীয়ে জিন্নাক হে ভাৰতত থকাটো বিচাৰে বুলি’ কটাক্ষ কৰিছিল।

ইয়াৰ পাছতো ৬ জানুৱাৰিত গুৱাহাটীত এখন সংবাদমেলত মন্ত্ৰীজনে কংগ্ৰেছক ‘জিন্নাপন্থী’ আখ্যাৰে ‘এন আৰ চি ‘জিন্না’সকলক খেদিবৰ কাৰণে কৰা হৈছে’ বুলি মন্তব্য কৰিছিল।

কিন্তু ইয়াৰ বিপৰীতে তৰুণ গগৈয়ে ইয়াৰ পূৰ্বে যোৱা ৭ জানুৱাৰিত গুৱাহাটীত অনুষ্ঠিত ‘ধিক্কাৰ দিৱস’তো ভাষণত হিমন্ত বিশ্ব শৰ্মাকহে ‘জিন্না’ৰ আদৰ্শ লৈ থকা বুলি মন্তব্য কৰিছিল। গগৈয়ে কৈছিল যে হিমন্তইহে জিন্নাৰ দৰে সাম্প্ৰদায়িক চিন্তা কৰে। কিন্তু তেওঁ যেনিবা মুছলমানৰ ঠাইত হিন্দুৰ বাবে চিন্তা কৰে।

গগৈয়ে আজি হিমন্তক হিন্দু জিন্না আখ্যা দি এইটো স্পষ্ট কৰি দিয়ে যে হিমন্তই যিজনৰ সাম্প্ৰদায়িক মনোভাবৰ উদাহৰণেৰে সমালোচনা কৰিছে তেওঁৰ সৈতে একে আদৰ্শ লৈছে মন্ত্ৰীজনে, মাত্ৰ ধৰ্মটোৰ নামতহে প্ৰভেদ আছে।

“বিশ্বাসত ল’বলৈ বাৰে বাৰে ৰাইজক অনুৰোধ কৰিব লগীয়া হৈছে সোণোৱালে”

ইপিনে আজি সংবাদ মাধ্যমৰ আগত তৰুণ গগৈয়ে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সমালোচনা কৰি কয়, “সোণোৱালে বাৰে বাৰে ‘ৰাইজে আমাক বিশ্বাসত লওক’ বুলি কিয় কৈ থাকিব লগীয়া হৈছে? আমিটো তেনেকৈ কৈ থকা নাছিলো। আমাৰ ওপৰত ৰাইজে বিশ্বাস ৰাখিয়েই চৰকাৰ গঠন কৰিবলৈ সুবিধা দিয়ে, ৰাইজৰ বিশ্বাস নাথাকিলে চৰকাৰত এনেও থাকিব নোৱাৰি”।

মুখ্য মন্ত্ৰী সোণোৱালে নিজৰ সমষ্টি মাজুলীতেই বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক পাতি নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত প্ৰস্তাৱ লোৱাৰ পাছত তেওঁক কেনেকৈ বিশ্বাসত ল’ব বুলিও গগৈয়ে প্ৰশ্ন কৰে।

ইয়াৰ উপৰি বিহুৰৰ দিনাও প্ৰতিবাদ হৈছে। চৰকাৰৰ বিৰুদ্ধে বিহুৰ দিনটোতে ৰাইজৰ ক্ষোভ নকমা আগতে কেতিয়াও দেখা নাছিলো’ বুলিও তৰুণ গগৈয়ে মন্তব্য কৰে।