NORTHEAST NOW (Assamese)
Popular Stories

যোৱা সপ্তাহত বিশ্বজুৰি ক’ভিড আক্ৰান্তৰ মৃত্যুৰ ২৫% ভাৰতৰ : বিশ্ব স্বাস্থ্য সংস্থা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 6, 2021 3:45 pm
যোৱা সপ্তাহত বিশ্বজুৰি ক’ভিড আক্ৰান্তৰ মৃত্যুৰ ২৫% ভাৰতৰ : বিশ্ব স্বাস্থ্য সংস্থা

যোৱা সপ্তাহত বিশ্বজুৰি যিমানসংখ্যক লোক ক’ভিডত আক্ৰান্ত হৈছে, তাৰ প্ৰায় অৰ্ধেকেই ভাৰতৰ নাগৰিক।

বিশ্ব স্বাস্থ্য সংস্থাই এই তথ্য প্ৰকাশ কৰিছে।

কেৱল সেয়াই নহয়, যোৱা সপ্তাহত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ চাৰিভাগৰ এভাগেই ভাৰতৰ নাগৰিক।

বুধবাৰে এখন প্ৰতিবেদনত এই তথ্য প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।

প্ৰতিবেদনখনৰ মতে, যোৱা সপ্তাহত বিশ্বৰ মুঠ কোভিড আক্ৰান্তৰ ৪৬ শতাংশ ভাৰতৰ।

আনহাতে বিশ্বৰ মুঠ কোভিডসংক্ৰান্তীয় মৃত্যুৰ ২৫ শতাংশ ভাৰতৰ।

উল্লেখযোগ্য যে কৰোণাৰ দ্বিতীয় ঢৌ এপ্ৰিলৰ প্ৰথমভাগৰ পৰাই ভাৰতত আৰম্ভ হৈছিল।

যোৱা দুসপ্তাহত দেশত দৈনিক সংক্ৰমণ ৩ লাখৰো অতিক্ৰম কৰিছে।