NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ভাৰত বায়’টেকৰ দ্ৱাৰা নিৰ্মিত ‘কভাক্সিন’ৰ আন্তঃৰাষ্ট্ৰীয় যোগান স্থগিত ৰাখিলে বিশ্ব স্বাস্থ্য সংস্থাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 3, 2022 11:22 am
WHO suspended supply of Covaxin

ৰাষ্ট্ৰসংঘৰ ক্ৰয় সংস্থাসমূহৰ জৰিয়তে ভাৰত বায়’টেকৰ কভাক্সিনৰ যোগান স্থগিত ৰাখিছে বিশ্ব স্বাস্থ্য সংস্থা (WHO)- এ। লগতে ভেকছিন গ্ৰহণ কৰা দেশবোৰক উপযুক্ত পদক্ষেপ ল’বলৈ পৰামৰ্শ দিছে (WHO)- এ।

বিশ্ব স্বাস্থ্য সংস্থাই শনিবাৰে জাৰি কৰা এক বিবৃতিত এই ঘোষণা কৰিছে।

“বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰীকালীন ব্যৱহাৰ তালিকাভুক্তিৰ (EUL) পৰিদৰ্শনৰ পিছত আৰু শেহতীয়াকৈ চিনাক্ত কৰা উৎকৃষ্ট উৎপাদন পদ্ধতিৰ (GMP) সমস্যাসমূহ সমাধান কৰাৰ বাবে প্ৰয়োজনীয় প্ৰক্ৰিয়াৰ উন্নীত কৰাৰ প্ৰতিক্ৰিয়াস্বৰূপে এই নিষেধাজ্ঞা আৰোপ আৰোপ কৰা হৈছে।” বিশ্ব স্বাস্থ্য সংস্থাৰ বিবৃতিত এইদৰে উল্লেখ কৰা হৈছে।

অৱশ্যে, কভাক্সিন ভেকছিন ব্যৱহাৰিকভাৱে কাৰ্যকৰী আৰু কোনো সুৰক্ষাৰ চিন্তা নাই বুলিও বিশ্ব স্বাস্থ্য সংস্থাই লগতে উল্লেখ কৰে।

ভাৰত বায়োটেকে উৎকৃষ্ট উৎপাদন পদ্ধতি(GMP)ৰ সমস্যা সমূহ সমাধান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলিও বিশ্ব স্বাস্থ্য সংস্থাই বিবৃতিটোৰ জৰিয়তে সদৰি কৰিছে।