NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’ণা ভাইৰাছৰ উৎস বিচাৰি  চীনলৈ যাব বিশ্ব স্বাস্থ্য সংস্থাৰ দল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 4, 2020 5:02 pm
WHO team to visit China n

বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা ক’ৰ’ণা ভাইৰাছ কিদৰে বিয়পি পৰিল সেই ৰহস্য ভেদ কৰিবলৈ চীনলৈ যাব বিশ্ব স্বাস্থ্য সংস্থাৰ এটা দল।যাব বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰছ আধানম ঘ্ৰেবেয়েছাচে এই কথা প্ৰকাশ কৰিছে।

ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ বাবে আমেৰিকাই চীনক দোষাৰোপ কৰি থকাৰ লগতে এই ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাকো সন্দেহৰ দৃষ্টিৰে চাই আহিছে।

এনে সন্দেহ দূৰ কৰাৰ বাবেই বিশ্ব স্বাস্থ্য সংস্থাই এটা বিশেষ দল চীনলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে।

দলটোৱে চীনৰ ওহান প্ৰদেশলৈ গৈ দৰাচলতে ভাইৰাছবিধৰনো কি দৰে উৎপত্তি ঘটিছিল আৰু ই কিদৰে সমগ্ৰ বিশ্বতে বিয়পি পৰিল সেয়া পৰীক্ষা কৰিব।

চীনে প্ৰথমতে ভাইৰাছ বিধ বাদুলীৰ দেহত উৎপত্তি হোৱা বুলি কৈছিল।এই ভাইৰাছ বিধ মানুহৰ পৰা মানুহলৈ সংক্ৰমিত নহয় বুলিও চীনে বিশ্ব স্বাস্থ্য সংস্থাক প্ৰতিবেদন দিছিল।

চীনৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰিয়েই বিশ্ব স্বাস্থ্য সংস্থাই এই ভাইৰাছ মানুহৰ পৰা মানুহলৈ সংক্ৰমিত নহয় বুলি ঘোষণা কৰিছিল। অৱশেষত যেন সেই ঘোষণাই কাল হ’ল বহুতৰে বাবে।

আমেৰিকাই জবাবদিহি কৰা বিশ্ব স্বাস্থ্য সংস্থাই সেয়ে এটা দল চীনলৈ প্ৰেৰণৰ সিদ্ধান্ত লৈছে।