NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত পৰৱৰ্তী চৰকাৰ কাৰ? যাদু সম্ৰাট বিক্ৰমে বাকচত বন্দী কৰিলে সমীক্ষা

Posted by: জাহ্নৱী বৰুৱা Updated by: জাহ্নৱী বৰুৱা April 22, 2021 4:15 pm
jadu

নিৰ্বাচনী সকলো সমীক্ষা নিৰীক্ষণ কৰি যাদু সম্ৰাট বিক্ৰমে নিজৰ সমীক্ষা বাকচত বন্দী কৰিলে।

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা এক সংবাদমেলত তেওঁৰ নিজৰ সমীক্ষা বাকচত বন্দী কৰাৰ লগতে তেওঁ কয়”এইবাৰো কোনো ধৰণৰ চৰকাৰ সলনি হোৱাৰ ইংগিত পোৱা নাই।বহু ঘাত প্ৰতিঘাতৰ মাজেৰে পুনৰ বাৰ বিজেপি চৰকাৰ অহাৰ সম্ভাৱনা অধিক বুলি তেওঁ মন্তব্য কৰে।

তেওঁ লগতে কয় যে এইবাৰ নিৰ্বাচনত বহুতো হাই প্ৰফাইল নেতাৰ পাখি কটা যোৱাৰ আশংকা ১০০% নিশ্চিত।লগতে আঞ্চলিক শক্তি সমূহে এইবাৰ কোনো ধৰণৰ ভাল ফলাফল পাব বুলি আশা কৰিব নোৱাৰি।

যিহেতু তেওঁলোকৰ হাতত সময় কম আছিলে সেইবাবে এইবাৰ তেওঁলোকে প্ৰস্তুত হবলৈ সময় নাপালে।এইবাৰ চৰকাৰ গঠন হোৱা ক্ষেত্ৰত তেওঁলোকৰ কোনো ধৰণৰ ভূমিকা নাথাকিব।”যাদু সম্ৰাট বিক্ৰমে এইদৰে মন্তব্য কৰে।