NORTHEAST NOW (Assamese)
Popular Stories

ভাৰতত কোনে প্ৰথমে লাভ কৰিব ক’ৰ’না ভেকচিন?, জনালে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 21, 2020 5:23 pm
ভাৰতত কোনে প্ৰথমে লাভ কৰিব ক’ৰ’না ভেকচিন?, জনালে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে

দেশত ক’ৰ’না সংক্ৰমণৰ সংখ্যা এক কোটি অতিক্ৰম কৰিছে। ইয়াৰ মাজতে ক’ৰ’না ভেকচিনৰ অপেক্ষাত থকা লোকসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে কেন্দ্ৰীয় চৰকাৰে।

নতুন বছৰ অৰ্থাৎ জানুৱাৰিৰ পৰা দেশত পৰ্থম পৰ্যায়ত ক’ৰ’নাৰ ভেকচিন প্ৰদান কৰা হ’ব বুলি চৰকাৰৰ তৰফৰ পৰা জানিব দিয়া হয়।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে কিছুদিন পূৰ্বে কৈছিল যে দেশত ক’ৰ’না টিকাকৰণ জানুৱাৰিৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।

এতিয়া, স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে দেশত প্ৰথম পৰ্যায়ত কোনে প্ৰথমে ক’ৰ’না ভেকচিন লাভ কৰিব সেই বিষয়ে জানিবলৈ দিয়ে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে কয় যে দেশৰ ৩০ কোটি লোকক প্ৰথমে ক’ৰ’না ভেকচিন প্ৰদান কৰা হ’ব।

ইয়াৰ ভিতৰত আছে এক কোটি স্বাস্থ্য কৰ্মী, দুই কোটি ফ্ৰণ্টলাইন ওৱাৰ্কাৰ্ছ, ৫০ বছৰ বয়সৰ ওপৰৰ ২৬ কোটি লোক আৰু ৫০ বছৰৰ তলৰ প্ৰায় এক কোটি লোক যিয়ে অন্য ৰোগত আক্ৰান্ত।

উল্লেখ্য যে দেওবাৰৰ দিনটোত দেশত নতুনকৈ ২৪,৩৩৭ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

দেশথ সংক্ৰমণৰ মুঠ সংখ্যা ১,০০,৫৫,৫৬০লৈ বৃদ্ধি পাইছে। অৱশ্যে ৯৬ লাখৰো অধিক লোক ক’ৰ’নাৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য হৈ উঠিছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জানিব দিয়া মতে, যোৱা দিনটোত ক’ৰ’নাৰ ফলত ৩৩৩ জন লোকৰ মৃত্যু হৈছিল। দেশত ক’ৰ’না মৃত্যুৰ সংখ্যা ১,৪৫,৮১০ জনলৈ বৃদ্ধি পাইছিল।