NORTHEAST NOW (Assamese)
অসম

যোগী চৰকাৰক তীব্ৰ সমালোচনা প্ৰিয়ংকা গান্ধীৰ, প্ৰধান মন্ত্ৰীলৈ তীব্ৰ বাক্যবান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 5, 2021 3:53 pm
Priyanka Gandhi on UP Govt

উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই।

মঙলবাৰে তেওঁ কয় যে লখিমপুৰ খেৰীৰ ঘটনাটো কোনো বিচ্ছিন্ন ঘটনা নহয় আৰু অভিযোগ কৰে যে উত্তৰ প্ৰদেশত মানুহে মাত মাতিবলৈ স্বাধীনতা নাইকিয়া হৈছে। কোনোৱে প্ৰতিবাদ কৰিলেই উত্তৰ প্ৰদেশ চৰকাৰে হিংসাত্মক পদ্ধতিৰে সেই প্ৰতিবাদক দমনৰ চেষ্টা চলায়।

কংগ্ৰেছ নেত্ৰীগৰাকীয়ে এটা অনুষ্ঠানৰ বাবে লক্ষ্ণৌ ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো আক্ৰমণ কৰে আৰু প্ৰশ্ন কৰে যে তেওঁ কিয় লখিমপুৰ খেৰীলৈ যোৱা নাই ?

উল্লেখ্য যে প্ৰিয়ংকা গান্ধীক সোমবাৰে লখিমপুৰৰ হিংসাস্থলীলৈ যাওঁতে সীতাপুৰত আটক কৰা হৈছিল।

উত্তৰ প্ৰদেশ চৰকাৰে সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল আৰু উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা তদন্তৰ প্ৰতিশ্ৰুতি দিছিল।

লখিমপুৰৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি গান্ধীয়ে কয়, “মই ইয়াক ৰাজ্য আৰু ৰাষ্ট্ৰত কি ঘটি আছে তাৰ এক ডাঙৰ ছবিৰ অংশ হিচাপে চাওঁ কিয়নো এইটো এক বিচ্ছিন্ন ঘটনা নহয়। প্ৰতিবাদৰ প্ৰতি চৰকাৰৰ প্ৰতিক্ৰিয়া, তেওঁলোকক প্ৰশ্ন উত্থাপন কৰা লোকসকলৰ প্ৰতি চৰকাৰে প্ৰদৰ্শন কৰা ক্ৰমাগত হিংসা আৰু অত্যাচাৰ অতি ভয়াৱহ।”

তেওঁ অভিযোগ কৰে যে, “এইয়া এটা চৰম পৰিস্থিতি। যেতিয়া উত্তৰ প্ৰদেশৰ যিকোনো লোকে প্ৰতিবাদ কৰিবলৈ চেষ্টা কৰে, সেয়া শিক্ষাৰ্থী হওঁক বা শিক্ষক হওঁক, তেওঁলোকক প্ৰহাৰ কৰা হয়, অত্যাচাৰ কৰা হয় আৰু কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়”।

“যিসকল লোকে প্ৰতিবাদ কৰিছে বা তেওঁলোকৰ অধিকাৰ দাবী কৰিবলৈ মাত মাতিছে তেওঁলোকৰ প্ৰতি হিংসাত্মক প্ৰতিক্ৰিয়া দেখা গৈছে,” প্ৰিয়ংকা গান্ধীয়ে অভিযোগ কৰে।

“মই বুজিব বিচাৰো যে যেতিয়া চৰকাৰে বিৰোধী নেতাসকলক এজাহাৰ বা গ্ৰেপ্তাৰৰ নিৰ্দেশ অবিহনে গ্ৰেপ্তাৰ কৰিব পাৰে, ভুক্তভোগীৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ চেষ্টা কৰাৰ অপৰাধৰ বাবে গ্ৰেপ্তাৰ কৰিব পাৰে, তেতিয়াহ’লে তেওঁলোকে কৃষকসকলৰ ওপৰেৰে গাড়ী চলাই হত্যা কৰা অভিযুক্তজনক কিয় গ্ৰেপ্তাৰ কৰিব নোৱাৰে? মই ভুক্তভোগী সকলৰ পৰিয়ালক লগ কৰিব বিচাৰো,” তেওঁ কয়।

সকলো ধৰণৰ হিংসাক গৰিহণা দি তেওঁ কয়, “ইয়াত বিজেপি কৰ্মীসকলক তাত হত্যা কৰা হ’লেও মই তাৰ বিৰোধ কৰোঁ। কাৰোওপৰত যিকোনো ধৰণৰ হিংসা পৰিদৰ্শন কৰাটো ভুল। আমি সকলোৰে বাবে ন্যায়ৰ বাবে মাত মাতিব লাগে।”

মঙলবাৰে প্ৰধানমন্ত্ৰীৰ লক্ষ্ণৌ ভ্ৰমণৰ বিষয়ে তেওঁ কয়, “মই প্ৰধানমন্ত্ৰীক মনত পেলাই দিব বিচাৰো যে তেওঁ লক্ষ্মৌত যি স্বাধীনতা অমৃত মহোৎসৱ উদযাপন কৰিবলৈ আহিছে সেইয়া কৃষকসকলেই আমাক প্ৰদান কৰিছিল।

“এই কৃষকৰ পুত্ৰসকলেই আজিও আমাৰ স্বাধীনতা সুৰক্ষিত কৰি আমাৰ দেশৰ সীমাত থিয় দিছে। মই তেওঁক সুধিব বিচাৰো যে যেতিয়া তেওঁ মন্ত্ৰীসকলৰ সৈতে মঞ্চত বহিছিল তেওঁলোকৰে এজন অভিযুক্তৰ দেউতাকক এতিয়ালৈকে বৰ্খাস্ত কৰা হোৱা নাই কিয়?”

“উত্তৰ প্ৰদেশৰ সমগ্ৰ আৰক্ষী বাহিনীয়ে কিয় বিৰোধী নেতাসকলক গ্ৰেপ্তাৰ কৰা, হত্যা কৰা কৃষকসকলৰ পৰিয়ালক নিৰীক্ষণত ৰখা, ইণ্টাৰনেট কাটিবলৈ আৰু লখিমপুৰ খেৰী জিলাবন্ধ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে?”

কৃষকসকলৰ মৃত্যুক লৈ আৰক্ষীয়ে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীৰ পুত্ৰ আশীষ মিশ্ৰ আৰু আন কেইবাজনো লোকৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিছে।

উত্তৰ প্ৰদেশ ৰাজ্যৰ আইন-শৃংখলা সন্দৰ্ভত গান্ধীয়ে কয়, “মই আচৰিত হৈছো যেতিয়া মই দিল্লীৰ গোটেই বাছ ষ্টেণ্ড আৰু হৰ্ডিঙত এই বিশাল পোষ্টাৰবোৰ দেখিছো যে উত্তৰ প্ৰদেশ আইন-শৃংখলাৰ এক নম্বৰ স্থানত আছে, কিন্তু ইয়াত কাম কৰি মই এটা সম্পূৰ্ণ বেলেগ ছবি দেখিছোঁ। মই প্ৰকৃততে আইন-শৃংখলাৰ সম্পূৰ্ণ পতন দেখিছোঁ,য’ত ভয়ংকৰ হিংসাত্মক ঘটনা সংঘটিত হয়।

তদুপৰি প্ৰিয়ংকা গান্ধীয়ে প্ৰধান মন্ত্ৰী মোদীক তীব্ৰ বাক্যবানেৰে প্ৰশ্ন কৰে তদুপৰি প্ৰিয়ংকা গান্ধীয়ে প্ৰধান মন্ত্ৰী মোদীক তীব্ৰ বাক্যবানেৰে প্ৰশ্ন কৰে “মোডীজী, আপুনি স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰিবলৈ লক্ষ্ণৌলৈ আহিছে, কিন্তু আপুনি এই ভিডিঅ’টো দেখিছে নেকি? এই ভিডিঅ’টোৱে দেখুৱাইছে যে আপোনাৰ চৰকাৰৰ এজন মন্ত্ৰীৰ পুত্ৰই কেনেকৈ কৃষকসকলক মহতীয়াই পেলাইছে। অনুগ্ৰহ কৰি এই ভিডিঅ’টো চাওক আৰু দেশক কওঁক কিয় এই মন্ত্ৰীজনক এতিয়ালৈকে বৰ্খাস্ত কৰা হোৱা নাই আৰু মন্ত্ৰীৰ পুত্ৰক এতিয়াও কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই,”