NORTHEAST NOW (Assamese)
Popular Stories

বিজেপিত যোগদানৰ সময়ত তেজ লগা চোলা কিয় পিন্ধি আহিল ভূপেন বৰাই? নিজ মুখে কৰিলে ব্যাখ্যা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 22, 2026 11:31 am

অসমৰ ৰাজনীতিৰ বাবে আজি এক বিশেষ ঐতিহাসিক দিন হিচাপে বিবেচিত হৈছে। দীৰ্ঘদিনৰ চৰ্চাৰ অন্ত পেলাই অৱশেষত কংগ্ৰেছ ত্যাগ কৰি গেৰুৱা বসন পিন্ধিলে প্ৰাক্তন প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই। আজি বশিষ্ঠ চাৰিআলিস্থিত বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁ আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। ভূপেন বৰাৰ সৈতে কংগ্ৰেছৰ শতাধিক সক্ৰিয় নেতা-কৰ্মীয়েও আজি বিজেপিৰ পতাকা হাতত তুলি লয়। এই যোগদান কাৰ্যসূচীত বিজেপিৰ ৰাজ্যিক সভাপতিৰ লগতে কেইবাগৰাকীও কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ জ্যেষ্ঠ নেতৃত্ব উপস্থিত থাকে।

বাজপেয়ী ভৱনত উপস্থিত হোৱাৰ সময়ত ভূপেন বৰাৰ গাত থকা এটা বিশেষ চোলাক লৈ সকলোৰে মাজত উৎসুকতাৰ সৃষ্টি হয়। আচলতে এই চোলাটো সাধাৰণ নাছিল। তেওঁ কংগ্ৰেছৰ সভাপতি হৈ থকা সময়ত বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ কৰিবলৈ গৈ আৰক্ষীৰ লাঠী চালনাত আঘাতপ্ৰাপ্ত হৈছিল আৰু সেইদিনা তেওঁৰ গাত থকা বগা চোলাটো তেজেৰে ৰাঙলী হৈ পৰিছিল। সেইদিনাৰ সেই সংগ্ৰামৰ স্মৃতি বহন কৰা তেজ লগা চোলাটো পিন্ধিয়েই আজি তেওঁ বিজেপিৰ কাৰ্যালয়ত উপস্থিত হয়। এই সন্দৰ্ভত সাংবাদিকৰ আগত তেওঁ কয় যে তেওঁ কংগ্ৰেছত থাকোতে দলৰ বাবে তেজেৰে ৰাঙলী হৈছিল আৰু ৰাজপথত তেজ দিয়া তেওঁৱেই আছিল প্ৰথমগৰাকী কংগ্ৰেছ সভাপতি। যিটো চোলা পিন্ধি তেওঁ সেইদিনা আঘাতপ্ৰাপ্ত হৈছিল, সেই চোলাটো তেওঁ যত্ন কৰি থৈ দিছিল। আজি বিজেপিত যোগদান কৰাৰ সময়ত সেই চোলাটো পিন্ধি অহাৰ মূল উদ্দেশ্য হ’ল কংগ্ৰেছক সোঁৱৰাই দিয়া যে তেওঁ নিজৰ তেজ দি দলটোক আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল, কিন্তু কংগ্ৰেছে সেই তেজৰ মূল্যাংকন নকৰিলে। এতিয়া বিজেপিয়ে সেই ত্যাগৰ মৰ্যাদা দিয়ে নে নাই, সেয়া সময়ত দেখা যাব বুলি তেওঁ মন্তব্য কৰে।

যোগদানৰ পিছতে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ভূপেন বৰাই আন এক বিস্ফোৰক মন্তব্য কৰে। তেওঁ কয় যে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা হোৱাৰ লগে লগে ৰাজীৱ ভৱনৰ বহু স্বাভিমানী অসমীয়া নেতা-কৰ্মী বাজপেয়ী ভৱনলৈ গুচি আহিব। তেওঁ নিজকে শৰাইঘাটৰ দলঙৰ সৈতে তুলনা কৰি কয় যে তেওঁৰ জৰিয়তেই অনাগত দিনত কংগ্ৰেছীসকল বিজেপিলৈ আহিবলৈ সহজ হ’ব। বৰ্তমান কংগ্ৰেছত থকা স্বাভিমানী অসমীয়াসকলক তেওঁ মহাভাৰতৰ চৰিত্ৰ কৰ্ণৰ সৈতে তুলনা কৰে। তেওঁ কয় যে কৰ্ণই জানিছিল যে তেওঁৰ মৃত্যু নিশ্চিত, তথাপিও তেওঁ দুৰ্যোধনৰ সংগ ত্যাগ কৰা নাছিল। ঠিক তেনেদৰে এতিয়াও বহু কৰ্ণ কংগ্ৰেছত আছে যদিও তেওঁ নিজে দুৰ্যোধনৰ সংগ ত্যাগ কৰি ওলাই আহিছে। লাহে লাহে আনসকলেও এই সত্য উপলব্ধি কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

ভূপেন বৰাই লগতে উল্লেখ কৰে যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই তেওঁক বিজেপিৰ ৰাজনীতিৰ ইতিবাচক দিশসমূহৰ বিষয়ে বুজাইছিল। মুখ্যমন্ত্ৰীৰ মতে, সাধাৰণ ঘৰৰ ল’ৰা-ছোৱালী তথা যিসকলে ইংৰাজী বা হিন্দী ভাষাত বিশেষ দখল নাই, তেওঁলোকৰ বাবে বিজেপি হ’ল আটাইতকৈ উপযুক্ত মঞ্চ। এই পৰামৰ্শ আৰু বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে। আজিৰ এই যোগদান কাৰ্যসূচীয়ে অসমৰ ৰাজনীতিত এক নতুন সমীকৰণৰ সৃষ্টি কৰিছে।