NORTHEAST NOW (Assamese)
Popular Stories

ভাৰতবৰ্ষৰ এই অঞ্চলৰ লোকসকলে খায় শিল! কিন্তু কিয়?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 14, 2020 8:24 pm
brenda-eat-white-dirt

ভাতৰ গৰাহত শিল এটা পালেই আমাৰ কেনে লাগে বাৰু?

শিল কিবাকৈ ভাতৰ সৈতে চোবাই  গিলি দিলে  মনলৈ কিমান যে চিন্তা আহে!

কিন্তু ভাৰতৰ এটা অঞ্চলৰ লোকসকলে শিল খাওঁ বুলিয়েই খায়।শিল খোৱা লোক থকা এই অঞ্চলটো আছে হিমাচল প্ৰদেশ।

হিমাচল প্ৰদেশৰ স্পিটি নামৰ পাহাৰে ঘেৰি ৰখা বিতোপন অঞ্চলটোৰ লোকসকলে বছৰ বছৰ ধৰি শিল খাই আহিছে।

শিল খালে গেষ্ট্ৰিকৰ লগতে বৃক্কৰ পাথৰ আদি দূৰ হয় বুলি এই অঞ্চলৰ লোকসকলে বিশ্বাস কৰি আহিছে।দৰাচলতে বৌদ্ধ ধৰ্মীলোকে বাস কৰা এই অঞ্চলটোত তিব্বতীয় চিকিৎসা পদ্ধতিৰ ব্যাপক প্ৰচলন আছে।

তিব্বতী চিকিৎসা পদ্ধতিত শিল খাই ৰোগৰ পৰা মুক্তি লাভ কৰা পদ্ধতিক  আমছি বুলি কোৱা হয়।  আমছি পদ্ধতিত Chug Jhi নামৰ এবিধ বিশেষ বগা বৰণৰ শিল গুড়ি কৰি ৰোগীক খাবলৈ দিয়া হয়।

Chug Jhi কেৱল স্পিটি অঞ্চলতহে পোৱা যায়।এই শিল আকৌ দুই ধৰণৰ আছে— Pho Chong আৰু  Mong Chong ।

ইয়াৰে প্ৰথম বিধ বিধ শিলক পুৰুষ শিল বুলি কোৱা হয়, দ্বিতীয় বিধক কোৱা হয় মহিলা শিল।

পুৰুষ ৰোগীৰ ক্ষেত্ৰত মহিলা শিল আৰু মহিলা ৰোগীৰ ক্ষেত্ৰত পুৰুষ শিল খাবলৈ দিয়া হয়।

এই শিল খালে পেটৰ আলচাৰো ভাল হয় বুলি অঞ্চলটোৰ বাসিন্দাসকলে কৈ আহিছে।