NORTHEAST NOW (Assamese)
Popular Stories

কিডনীত পাথৰ কিয় হয় আৰু ইয়াক কেনেকৈ ৰোধ কৰিব পাৰি? জানক সবিশেষ…

Posted by: এন ই নাও নিউজ, গুৱাহাটী April 10, 2025 7:00 am

আজিকালি কিডনীত পাথৰ হোৱাটো খুব সাধাৰণ হৈ সমস্যা হৈ পৰিছে। বহু লোকে এই সমস্যাৰ সন্মুখীন হয়। আমাৰ শৰীৰত কেলচিয়াম বা ইউৰিক এচিডৰ দৰে কিছুমান পদাৰ্থ বেছি হৈ জমা হয় আৰু প্ৰস্ৰাৱৰ সৈতে ভালকৈ ওলাই নাযায়। তেতিয়া এইবোৰ লাহে লাহে জমা হৈ কঠিন গোট্ৰ সৃষ্টি হয় আৰু শেষত পাথৰলৈ পৰিণত হয়।

কিডনীত পাথৰ হলে কঁকালত, পেটত বা প্ৰস্ৰাৱৰ নলীত বহুত বিষ হয়। কেতিয়াবা প্ৰস্ৰাৱ কৰোঁতে জ্বলা-পোৰা লাগে বা তীব্ৰ বিষ হয়। বেছিভাগ সময়তে এই বিষ ৰাতি অধিক হয়। এই সমস্যাৰ কাৰণ কি আৰু ইয়াক কেনেকৈ কমাব পাৰি জানো আহক।

পাথৰ হোৱাৰ মূল কাৰণ হল পানী কম খোৱা। পানী কম হলে প্ৰস্ৰাৱ ডাঠ হয় আৰু তাত মলি জমা হয়। বেছি নিমখ, চাহ, চকলেট খালেও পাথৰ হব পাৰে। পৰিয়ালত কাৰোবাৰ পাথৰ থাকিলে আপোনাৰো হব পাৰে। প্ৰস্ৰাৱত সংক্ৰমণ হলেও পাথৰৰ সম্ভাৱনা বাঢ়ে।

পাথৰ হব নিদিবলৈ সহজ উপায় আছে। প্ৰতিদিনে ৮-১০ গিলাচ পানী খাব লাগে, যাতে শৰীৰৰ মলি ওলাই যায়। নিমখ আৰু চেনি কম খাওক। ফাষ্ট ফুড বা পেকেটৰ খাদ্য এৰক। ব্যায়াম কৰক আৰু খাদ্য লঘু ৰাখক। যদি প্ৰস্ৰাৱত জ্বলা-পোৰা বা বিষ হয়, তেন্তে ডাক্তৰৰ পৰামৰ্শ লওক। প্ৰস্ৰাৱ বেছি সময় ধৰি নাৰাখিব, নহলে সমস্যা বাঢ়িব পাৰে। অলপ সাৱধান হলেই এই ৰোগৰ পৰা বাচিব পাৰি।