NORTHEAST NOW (Assamese)
প্ৰাসংগিক প্ৰশ্ন

বিৰোধী ঐক‍্য কিয় আজি এক ঐতিহাসিক প্ৰয়োজন?

Posted by: পৰেশ মালাকাৰ Updated by: পৰেশ মালাকাৰ March 14, 2025 9:25 am

বিৰোধী ঐক‍্য কি অৱস্থাত আছে, ঐক‍্য হবগৈ নে নহ, সেইদিনা সোণাপুৰত কি হৈছিল, কি নহৈছিল- সেইবোৰ বিষয় মই ইয়াত আলোচনা কৰিব নিবিচাৰোঁ যিহেতু বিৰোধী ঐক‍্যৰ বাবে চেষ্টা কৰা নাগৰিক সমাজৰ ছজনীয়া দলটোৰ ময়ো এজন। এই উদ‍্যোগটোৰ তাৎপৰ্য কি সেই টোহে মই ইয়াত আলোচনা কৰিব বিচাৰিছোঁ।বিৰোধী ৰাজনৈতিক দলবোৰক এক কৰাৰ প্ৰচেষ্টা এটা ৰাজনৈতিক প্ৰচেষ্টা।কিন্তু সেইটো, সাধাৰণ পৰিস্থিতিতহে।বিজেপি শাসনলৈ অহাৰ পিছত, আমি এতিয়া যিটো পৰিস্থিতিৰ সন্মুখীন হৈছোঁ, সেইটো এটা সাধাৰণ পৰিস্থিতি নহয়।সেই বিষয়ে আলোচনা কৰাৰ আগেয়ে, আমি আন এটা কথা আলোচনা  কৰা উচিত।

ৰাজনীতি বিজ্ঞান, সমাজ বিজ্ঞান, ইতিহাস আদি বিষয়ত মানৱ ইতিহাসৰ বিভিন্ন দিশ অধ‍্যয়ন কৰি, সেইবোৰ ব‍্যাখ‍্যা কৰি সাধাৰণভাৱে কিছুমান কথা বুজিবলৈ চেষ্টা কৰা হয়। তেনেকৈয়ে বিভিন্ন তত্ত্ব, সূত্ৰৰ উদ্ভৱ হয়। সেই তত্ত্ব, সূত্ৰবোৰৰ যোগেদি আমি আমাৰ সমসাময়িক ৰাজনীতি, সমাজনীতি, অৰ্থনীতি আদিৰ অৰ্থ কৰিব বিচাৰোঁ।আমাৰ সমসাময়িক বাস্তৱতাক বুজিবলৈ চেষ্টা কৰোঁ। কিন্তু কোনো তত্ত্বই আমাক সকলো কথা কৈ নিদিয়ে। সকলো ৰহস‍্যৰ ভেদ ভাঙি নিদিয়ে। সকলো তত্ত্বৰে কিছু সীমাবদ্ধতা থাকে।সেই বিষয়ে পিছলৈ আকৌ আহিম।

এতিয়া, আগৰ কথালৈ গৈছোঁ।ভাৰতৰ বৰ্তমান পৰিস্থিতি কিয় স্বাভাবিক পৰিস্থিতি নহয়? ভাৰতখন আদিতে কি আছিল, মধ‍্য যুগত কি আছিল- এইবোৰ গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক প্ৰশ্ন। কিন্তু আজি আমি যিখন ভাৰতত আছোঁ, সেই ভাৰতখন স্বাধীনতা আন্দোলনৰ পিছৰ ভাৰত। বৃটিছৰ বিৰুদ্ধে ভাৰতৰ মানুহে আন্দোলন কৰিছিল। সেই আন্দোলনৰ ৰূপ আৰু গতি-গোত্ৰ ঠাই ভেদে বেলেগ বেলেগ আছিল। কিন্তু কুৰি শতিকাৰ আগভাগত কংগ্ৰেছৰ নেতৃত্বত, বিশেষকৈ গান্ধীজী দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ ঘূৰি অহাৰ পিছত, সি এক বিশেষ ৰূপ লৈছিল।তাৰ এটা বিশেষ বৈশিষ্ট‍্য আছিল স্বদেশী। স্বাধীনতা আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল? তাৰ সাধাৰণ  মতাদৰ্শ আছিল সমাজ গণতন্ত্ৰ আৰু বিশেষ বৈশিষ্ট‍্য আছিল স্বদেশী।

দেশ স্বাধীন হোৱাৰ পিছত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে এই মতাদৰ্শকে সৰোগত কৰি দেশ গঢ়াৰ কামত ব্ৰতী হৈছিল।বহু দোষ-ত্ৰুটি সত্ত্বেও, এই গণতান্ত্ৰিক ব‍্যৱস্থাটোকে বিশ্বই আজি আদৰি লৈছে।গণতন্ত্ৰৰ মূল বৈশিষ্ট‍্য কি? ই এক প্ৰতিনিধিত্বমূলক শাসন ব‍্যৱস্থা। এই ব‍্যৱস্থাত সাংসদ, বিধায়ক বা স্থানীয় নিগম-নিকায়ৰ সদস‍্য সকল সময়ে সময়ে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ দ্বাৰা নিৰ্বাচিত হয়। অৱশ‍্যে নিৰ্বাচন যিমানদূৰ সম্ভৱ নিকা আৰু স্বচ্ছ হব লাগিব। এনে এটা ব‍্যৱস্থাত, গণতান্ত্ৰিক অনুষ্ঠান সমূহ স্বতন্ত্ৰ আৰু ন‍্যায়পালিকা চৰকাৰৰ পৰা মুক্ত। দুহেজাৰ চৈধ‍্য চনত বিজেপিয়ে কেন্দ্ৰত চৰকাৰ কৰাৰ আগলৈকে ভাৰতত সৰু-সুৰা বিচ‍্যুতি বাদ দি মোটামোটি এই ব‍্যৱস্থাটোৱেই চলি আছিল।ইয়াৰ একমাত্ৰ ব‍্যতিক্ৰম আছিল ১৯৭৫ চনত ইন্দিৰা গান্ধীয়ে জাৰি কৰা ২১-মহীয়া জৰুৰীকালীন অৱস্থা।

কিন্তু এতিয়া কি হৈছে? বিজেপিয়ে চৰকাৰ দখল কৰি দল আৰু চৰকাৰৰ মাজত কোনো পাৰ্থক‍্য নোহোৱা কৰিবলৈ অহৰহ চেষ্টা কৰি আছে। তেওঁলোকে সমগ্ৰ ভাৰতবৰ্ষক এটা এক দলীয় ব‍্যৱস্থাৰ তললৈ আনিবলৈ চেষ্টা কৰিছে। তেওঁলোকে দেশৰ গণতান্ত্ৰিক অনুষ্ঠানসমূহ সম্পূৰ্ণৰূপে তেওঁলোকৰ নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা কৰিছে।তেওঁলোকে নানা ধৰণে ন‍্যায়পালিকাৰ ওপৰতো হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰি আছে। মত প্ৰকাশৰ স্বাধীনতাৰ ওপৰত হস্তক্ষেপ, প্ৰচাৰ মাধ‍্যমৰ ওপৰত বাধা-নিষেধ, সামাজিক মাধ‍্যমৰ নিয়ন্ত্ৰণ, চৰকাৰক সমালোচনা কৰা সকলক নিয়মিতভাৱে হাৰাশাস্তি কৰা, নাগৰিক অধিকাৰ খৰ্ব কৰা আৰু বিৰোধীক ভয় আৰু ভীতি প্ৰদৰ্শন কৰাটো ভাৰতত এতিয়া এটা তেনেই স্বাভাবিক কথা হৈ পৰিছে।

অৰ্থাৎ এটা দলৰ আধিপত‍্যৰ বাহিৰে আন সকলো দলৰে মুখ বন্ধ কৰি সকলো ফালৰ পৰা সমাজত এক শ্বাসৰুদ্ধ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ বিজেপিয়ে চেষ্টা কৰি আছে।সমাজ এখনত বিভিন্ন মতাদৰ্শ আৰু বিশ্বাসৰ  মানুহ থকাটো তেনেই স্বাভাবিক। কিন্তু ভাৰতত এতিয়া, মাত্ৰ এটা মতাদৰ্শই থাকিব আৰু সকলো মানুহ সেই মতেই চলিব লাগিব সেইটো কেনে কথা! বিজেপিৰ মতে চলিলে মই দেশপ্ৰেমী আৰু বিজেপিৰ বিৰোধিতা কৰিলে মই দেশদ্ৰোহী এইটো কেনে কথা? বিজেপিৰ অৰ্থনৈতিক নীতি কি? দেশৰ অৰ্থনীতি তেওঁলোকৰ পছন্দৰ ব‍্যক্তিগত খণ্ডৰ বৃহৎ পুঁজিক গতাই দিয়া।ব‍্যক্তিগত পুঁজিৰ লগত বিজেপিৰ সনা-পোটোকাৰ সম্পৰ্ক।

এটাই আনটোক এৰি চলিব নোৱাৰে। বিজেপিক ক্ষমতাত থাকিবলৈ ব‍্যক্তিগত পুঁজিৰ প্ৰয়োজন। ব‍্যক্তিগত পুঁজিৰ বিকাশ আৰু সমৃদ্ধিৰ বাবে বিজেপিৰ প্ৰয়োজন।এটা সংৰক্ষণশীল মতাদৰ্শ,ৰাষ্ট্ৰযন্ত্ৰ, আৰু ব‍্যক্তিগত খণ্ডৰ পুঁজি- এই তিনিটাই হৈছে বিজেপিৰ মূল বস্তু।বিজেপিয়ে তেওঁলোকৰ সৰ্বগ্ৰাসী নিয়ন্ত্ৰণ কেনেকৈ বিয়পাই দিছে? প্ৰথমে অনুষ্ঠানবোৰ তেওঁলোকে নিজৰ হাতলৈ আনি লৈছে।যেনে, নিৰ্বাচন আয়োগ, চিবিআই, ই ডি ইত‍্যাদি আৰু প্ৰচাৰ মাধ‍্যম আৰু উচ্চ শিক্ষাৰ অনুষ্ঠান সমূহো তেওঁলোকে নিজৰ দখললৈ আনি লৈছে। বিজেপিয়ে এইটো কৰিব পাৰিছে তেওঁলোক চৰকাৰত থকা বাবে। অসমত মুখ‍্যমন্ত্ৰীজনে কি কৰি আছে আপোনালোকে স্বচক্ষে দেখিছে।গতিকে, প্ৰচলিত ৰাজনীতি বিজ্ঞান, সমাজ বিজ্ঞানৰ সূত্ৰৰে আমি আজিৰ ভাৰতবৰ্ষৰ সকলোখিনি ব‍্যাখ‍্যা কৰিব নোৱাৰিবও পাৰোঁ।

এক বিশেষ পৰিস্থিতিৰ ব‍্যাখ‍্যাৰ বাবে এক বিশেষ দৃষ্টিভংগীৰ প্ৰয়োজনো হব পাৰে। ভাৰতত সম্প্ৰতি আমি সন্মুখীন হোৱা পৰিস্থিতিটো এক বিশেষ পৰিস্থিতি।সেই কাৰণেই, একো নহ’লেও, আমি আমাৰ স্বাধীনতাৰ বাবে, দেশৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ কাৰণে বিজেপিক শাসনৰ পৰা আঁতৰোৱাটো প্ৰয়োজন হৈ পৰিছে।কিন্তু আমি নাগৰিক সকলেতো নিৰ্বাচন নেখেলোঁ।তেনেহলে,সেই কামটো কোনে কৰিব পাৰে? বিৰোধী ৰাজনৈতিক দলবোৰে।বিৰোধীৰ সকলো দোষ-দুৰ্বলতা সত্ত্বেও সেইকাৰণেই এতিয়া তেওঁলোকেই আমাৰ একমাত্ৰ আশা-ভৰসা।সেইবাবেই বিৰোধী ঐক‍্যৰ প্ৰচেষ্টা কেৱল এটা ৰাজনৈতিক প্ৰচেষ্টা নহয়। ই আমাৰ সকলোৰে স্বাধীনতা ৰক্ষাৰ প্ৰচেষ্টা।ই আমাৰ সমূহীয়া অস্তিত্ব ৰক্ষাৰ প্ৰচেষ্টা।সেইকাৰণেই বিৰোধীক শক্তিশালী কৰাটো এই মুহূৰ্তত আমাৰ আটাইতকৈ ডাঙৰ কৰ্তব‍্য। এক ঐতিহাসিক দায়িত্ব।বিৰোধী একগোট নহলে অসমত বিজেপিক পৰাভূত কৰাটো অসম্ভৱ।এই সাধাৰণ কথাটো বুজিবলৈ  আমি পণ্ডিত হোৱাৰ প্ৰয়োজন নাই। আমাক সামান‍্য সততা আৰু দায়বদ্ধতাৰহে প্ৰয়োজন।যিসকল লেখক বুদ্ধিজীৱী, সাংবাদিকে সাহসেৰে বিৰোধী ঐক‍্যৰ সপক্ষে অৱস্থান লৈছে তেওঁলোকে সেই তাড়নাতে তাৰ সপক্ষে ওলাই আহিছে।যিসকলে নানা চল-চক্ৰান্ত কৰি, ইটো সিটো অজুহাতত তাৰ বিৰোধিতা কৰিছে তেওঁলোক হৈছে অতি ধুৰন্ধৰ। তেওঁলোকে বিৰোধী ঐক‍্য নিবিচাৰে মানে তেওঁলোকে বিজেপিক বিচাৰে।স্থিতাৱস্থা বাহাল থকাটো বিচাৰে।