NORTHEAST NOW (Assamese)
দেশ

মেনুত পনীৰ নাই কিয়? বিয়াঘৰত অভদ্ৰ অতিথীয়ে ভাঙিলে মণ্ডপ, বাছৰ খুন্দাত ৮ জনৰ অৱস্থান সংকটজনক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 29, 2025 8:38 pm
মেনুত পনীৰ নাই কিয়? বিয়াঘৰত অভদ্ৰ অতিথীয়ে ভাঙিলে মণ্ডপ, বাছৰ খুন্দাত ৮ জনৰ অৱস্থান সংকটজনক

বিয়াৰ মেনুত কিয় পনীৰ নাই কিয়? বিয়া খাবলৈ গৈ এই প্ৰশ্ন এজন নিমন্ত্ৰিত ব্যক্তিৰ। বিয়াৰ খাদ্যৰ তালিকাত পনীৰ নথকাৰ বাবেই ক্ষোভত বিয়াৰ ৰভা ভাঙি পেলালে তেওঁ।

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মোগলচৰাই কোটৱালিৰ হামিদপুৰ গাঁৱত।

আৰক্ষীয়ে জনোৱা মতে, যোৱা শনিবাৰে সন্ধিয়া ৰাজনাথ যাদৱ নামৰ এজন ব্যক্তিৰ কন্যাৰ বিয়া অনুষ্ঠিত হয়। সেই বিয়ালৈ ধৰ্মেন্দ্ৰ যাদৱ নামৰ এজন ব্যক্তিক নিমন্ত্ৰণ কৰা হৈছিল। বিয়াত খাদ্য খোৱাৰ সময়ত তেওঁ দেখে যে খাদ্যৰ তালিকাত পনীৰ নাই।

তাৰ পাছত খঙত এখন বাছেৰে তেওঁ বিয়াঘৰৰ মণ্ডপটো মহতিয়াই নিয়ে। বাছৰ খুন্দাত ৮ জন লোক গুৰুতৰভাবে আহত হয়। আহতসকলৰ ভিতৰত দৰাৰ পিতৃ আৰু কইনাৰ ভাতৃও আছে। সকলোকে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

এই ঘটনাৰ পিছত দৰা পৰিয়ালে অৱগত কৰে যে অভিযুক্ত যুৱকজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা নোলোৱালৈকে বিবাহৰ ৰীতি-নীতি পালন কৰা নহব। অৱশেষত কইনাৰ পিতৃয়ে যুৱকজনৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে।