NORTHEAST NOW (Assamese)
Popular Stories

প্ৰদূষণৰ ব্যাপক প্ৰাদুৰ্ভাৱ! ২৩ বছৰ অনুৰ্ধ ক্ৰিকেট ট্ৰফীৰ খেলসমূহ দিল্লীৰ বাহিৰলৈ স্থানান্তৰ বিচিচিআই-ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 22, 2025 3:11 pm

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে ২৩ বছৰ অনুৰ্ধ পুৰুষ ক্ৰিকেট ট্ৰফী এলিট বিভাগৰ নকআউট মেচ দিল্লীৰ পৰা মুম্বাইলৈ স্থানান্তৰিত কৰিছে। বিচিচিআই আৰু মুম্বাই ক্ৰিকেট এছচিয়েশ্যনৰ মাজত আনুষ্ঠানিক যোগাযোগ অনুসৰি ৰাষ্ট্ৰীয় ৰাজধানীখনৰ বায়ুৰ গুণাগুণ ধাৰাবাহিকভাৱে নিম্নগামী হোৱাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে।

হিন্দুস্তান টাইমছৰ এক প্ৰতিবেদন অনুসৰি ২৫ নৱেম্বৰৰ পৰা ১ ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত হবলগীয়া নকআউট মেচৰ বাবে এমচিএক খেলপথাৰ প্ৰস্তুত কৰিবলৈ কোৱা হৈছে।

এমচিএৰ এজন বিষয়াৰ উদ্ধৃতিৰে বাতৰি কাকতখনে কয় যে, “বান্দ্ৰা-কুৰ্লা কমপ্লেক্সৰ শাৰদ পাৱাৰ একাডেমী খেলপথাৰ আৰু ৱানখেদে ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে, আৰু ২৩ ডিচেম্বৰৰ পৰা দলসমূহে প্ৰশিক্ষণ লোৱাৰ প্ৰস্তুতি চলি আছে।

খবৰ আহিছে যে ১ ডিচেম্বৰৰ পৰা মুম্বাইত কোচবিহাৰ ট্ৰফীৰ খেল অনুষ্ঠিত হোৱাৰ কথা, গতিকে সেই মেচবোৰো সময় সালসলনি কৰিবলগীয়া হোৱাৰ সম্ভাৱনা অতিশয় বেছি।

বিচিচিআইৰ বিষয়াসকলৰ মতে, বতাহ পৰিষ্কাৰ হৈ খেল পুনৰ আৰম্ভ হব পাৰে বুলি আশা কৰি দিল্লীক মেচসমূহ প্ৰদান কৰা হৈছিল। ইয়াৰ পূৰ্বে ডিচেম্বৰৰ পৰা জানুৱাৰী মাহৰ ভিতৰত কুঁৱলীৰ বাবে খেলত ব্যাঘাত জন্মিছিল।

উল্লেখযোগ্য যে ২০১৭ চনত ভাৰত আৰু শ্ৰীলংকাৰ মাজত এখন টেষ্ট মেচ ধোঁৱাৰ বাবে বন্ধ হৈ পৰিছিল, কিয়নো বলাৰসকলে উশাহ-নিশাহ লোৱাত অসুবিধাৰ সন্মুখীন হৈছিল। শ্ৰীলংকাই দাবী কৰিছিল যে ৰাজধানীখনৰ দুৰ্বল অৱস্থাৰ বাবে খেলুৱৈৰ বমি হৈছিল, আৰু ইয়াৰে কিছুমানে ফেচ মাস্ক পিন্ধি খেলপথাৰত নামিছিল। বায়ুৰ মানদণ্ডৰ নিম্নমানৰ বাবে আন্তঃৰাষ্ট্ৰীয় মেচ বন্ধ হোৱাৰ এইটোৱেই আছিল প্ৰথম দৃষ্টান্ত।