NORTHEAST NOW (Assamese)
Popular Stories

শ্যামকানু মহন্তক মুক্তিৰ বাবে অধিবক্তা বিচাৰি পত্নীৰ ব্যাকুলতা! অসম উকীল সন্থাক অনুৰোধ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 12, 2025 3:10 pm

জুবিন গাৰ্গৰ ৰহস্যজনক হত্যাকাণ্ডৰ অভিযোগনামা আদালতত দাখিল কৰাৰ দিনটোতে এক মৰ্মান্তিক তথ্য পোহৰলৈ আহিছে। অভিযুক্ত শ্যামকানু মহন্তৰ বাবে অধিবক্তা বিচাৰি তেওঁৰ পত্নীয়ে হাঁহাকাৰ কৰিছে। এই সন্দৰ্ভত তেওঁ অসম উকীল সন্থাই পূৰ্বে গ্ৰহণ কৰা সিদ্ধান্ত বাতিল কৰিবলৈ অনুৰোধ জনাইছে।

মানৱীয় দৃষ্টিভংগীৰে এই গুৰুত্বপূৰ্ণ গোচৰটোৰ হৈ ওকালতি কৰিবলৈ শ্যামকানু মহন্তৰ পত্নীয়ে আহ্বান জনাইছে। সদৌ অসম উকীল সন্থাৰ প্ৰতিনিধিয়ে সংবাদ মাধ্যমৰ আগত এই সমগ্ৰ বিষয়টো সদৰি কৰে। তেওঁলোকে জনাই যে আগন্তুক সময়ত এই বিষয়টোক লৈ সন্থাই পৰ্যালোচনা কৰিব।

উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ মৃত্যুকাণ্ডৰ সৈতে জড়িত কোনো অভিযুক্তৰ বিৰুদ্ধে ওকালতি নকৰাৰ সিদ্ধান্ত লৈছিল অসম উকীল সন্থাই। এই সিদ্ধান্তৰ ফলত শ্যামকানু মহন্তৰ হৈ কোনো অধিবক্তাই আদালতত যুক্তি প্ৰদৰ্শন কৰা নাছিল। বৰ্তমান অসম উকীল সন্থাৰ উপৰিও হাইকৰ্ট বাৰ এছোচিয়েশ্যনৰো কাষ চাপিছে শ্যামকানুৰ পত্নীয়ে। তেওঁৰ আবেদন সন্থাই কিদৰে গ্ৰহণ কৰে, সেয়া হব লক্ষণীয়।