NORTHEAST NOW (Assamese)
অসম

মহানগৰীত পত্নীক মদপী স্বামীৰ আক্রমণ : সংকটজনক অৱস্থাত জিএমচিএইছত চিকিৎসাধীন পত্নী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 30, 2020 8:10 pm
index.jpg4

গুৱাহাটী মহানগৰীত পুনৰ এগৰাকী মহিলাক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে৷

এগৰাকী মদপী স্বামীয়ে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰিছে নিজৰ পত্নীক।

গুৰুতৰভাৱে আহত মহিলাগৰাকী বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ মৃত্যুৰ সৈতে যুঁজি আছে বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণীৰ মতে গুৱাহাটী মহানগৰীৰ গীতানগৰত ভাড়াতীয়া হিচাপে বাস কৰা ভূপেশ অধিকাৰীয়ে প্ৰায়েই মদ্যপান কৰি ঘৰত অশান্তি কৰে৷

১৯ ডিচেম্বৰতো ভূপেশে মদ্যপান কৰি পত্নী ৰেখা অধিকাৰীক নিৰ্মমভাৱে প্ৰহাৰ কৰে৷ স্বামী ভূপেশৰ আক্ৰমণত পত্নী ৰেখাৰ মূৰত গুৰুতৰভাৱে আঘাত পোৱাৰ লগতে মূৰটো ফালি যায়৷

সংকটজনক অৱস্থাত ৰেখাক জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে অদ্যাপি সুস্থ হোৱা নাই৷যোৱা এপষেক ধৰি সাধাৰণ কক্ষত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা ৰেখাক অতি শীঘ্ৰেই আইচিইউত ভৰ্তি কৰিবলৈ নিৰ্দেশ দিছে চিকিৎসকে৷

আনহাতে, কোভিড পৰিস্থিতিৰ বাবে জিএমচিএইচত আইচিইউ খালী নথকাৰ ফলত সাধাৰণ কক্ষতে চিকিৎসাধীন হৈ যন্ত্ৰণাত চটফটাই আছে আহত ৰেখা৷

আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৰ ৰেখাক ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাৰ বাবে ভর্তি কৰাৰো সামৰ্থ্য নাই।

তীব্ৰ আৰ্থিক সংকটত পৰা ৰেখাৰ ভাতৃ আৰু কেইগৰাকীমান মহিলাই পাৰ্যমানে চেষ্টা কৰিছে যদিও কোনো পথ বিচাৰি পোৱা নাই৷

দৰিদ্ৰ পৰিয়ালটোক এতিয়া কিছু আৰ্থিক সহায়ৰ প্ৰয়োজন৷ হৃদয়ৱান লোকৰ অকণমান সহায়ে ৰেখাৰ জীৱন ৰক্ষা কৰিব পাৰে৷