NORTHEAST NOW (Assamese)

স্বামীৰ আয়ৰ তথ্য জনাৰ অধিকাৰ নাই স্ত্ৰীৰ! : আৰটিআইএ খাৰিজ কৰিলে পত্নীৰ আবেদন

August 22, 2020 5:01 pm · এন ই নাও নিউজ

স্বামীৰ আয় কিমান সেয়া জনাৰ অধিকাৰ নাই স্ত্ৰীৰ।

তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত এগৰাকী মহিলাই স্বামীৰ মাহেকীয়া আয়ৰ তথ্য বিচাৰি কৰা আবেদন খাৰিজ কৰি এইদৰে কয় তথ্য জনা অধিকাৰ আয়োগৰ আয়ুক্তই।

ঘটনাৰ বিৱৰণী অনুসৰি বিবাহ বিচ্ছেদিত এগৰাকী মহিলাই স্বামীৰ প্ৰকৃত আয়ৰ পৰিমাণ জানিবলৈ আৰটিআইৰ দ্বাৰা এক এক আবেদনৰ কৰিছিল।

প্ৰথমে মহিলা গৰাকীয়ে তথ্য জনাৰ আইনৰ যোগে আয়কৰ বিভাগৰ পৰা স্বামীৰ আয়ৰ পৰিমাণ জানিব বিচাৰি আবেদন কৰিছিল।

কিন্তু আয়কৰ বিভাগে ধাৰা (৮/১/জে)ৰ অধীনত মহিলা গৰাকীক কোনো লোকৰ ব্যক্তিগত তথ্য প্ৰদান কৰিব নোৱাৰে বুলি স্পষ্টৰূপত জনায়।

আয়কৰ বিভাগত নিৰাশ হৈ মহিলাগৰাকীয়ে তথ্য আয়ুক্তৰ ওতৰত স্বামীৰ আয়ৰ তথ্য বিচাৰি আবেদন কৰে।

কিন্তু উক্ত আবেদন খাৰিজ কৰি আয়োগৰ আয়ুক্তই মহিলাগৰাকীক কয় যে কোনো ব্যক্তিৰে ব্যক্তিগত তথ্য আয়োগে দিব নোৱাৰে।

আনকি ব্যক্তিৰ উপাৰ্জন, বয়স আৰু পুৰুষৰ কৰ্মসংস্থানৰ তথ্যও জনাৰ অধিকাৰো স্ত্ৰীৰ নাই!

অৱশ্যে আয়ুক্তই মহিলাগৰাকীক জনায় যে কোনো ব্যক্তিৰ নথি একমাত্ৰ বৃহত্তৰ জনস্বাৰ্থৰ খাতিৰতহে জনাব পাৰি।

কোনো ব্যক্তিয়ে ব্যক্তিগতভাৱে কোনো লোকৰ ব্যক্তিগত তথ্য বিচাৰিলেও সেয়া দিয়া নহয়।

Related News