NORTHEAST NOW (Assamese)
Popular Stories

পত্নীক ডিঙি চেপি হত্যা কৰি যৌনাংগত ছুৰীৰে আঘাত! হত্যাৰ পাছত ছুটকেছত ভৰালে স্বামীয়ে…

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 29, 2025 6:03 pm

এক লোমহৰ্ষক ঘটনা! বেংগালুৰুৰ আইটি কৰ্মী ৰাকেশ ৰাজেন্দ্ৰ খেডেকাৰে পত্নীক প্ৰথমে ইটোৰ পাছত সিটোকৈ চৰ সোধাইছিল। তাৰ পাছত ডিঙি চেপি হত্যা কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু ব্যৰ্থ হোৱাত অৱশেষত ছুৰীৰে যৌনাংগত ছুৰীৰে আঘাত কৰিছিল। অভিযুক্তক জেৰা কৰি এই কথা জানিব পাৰি তদন্তকাৰীয়ে। কেৱল সেয়াই নহয় ৰাকেশে দাবী কৰিছিল যে মাৰপিট হোৱাৰ পিছতো গৌৰী জীয়াই আছিল। কেৱল সেয়াই নহয়, সেই পৰিস্থিতিত তেওঁ পত্নীক ট্ৰলী বেগত ভৰাই দিলে।

জেৰাৰ সময়ত অধিক তথ্য পোহৰলৈ আহে। আৰক্ষীয়ে জনোৱা মতে, ৰাকেশে পত্নীক ট্ৰলী বেগত ভৰাই আন স্থানত নিজৰ গাড়ীত থৈ যোৱাৰ পৰিকল্পনা কৰিছিল। কিন্তু ট্ৰলীৰ বেগটো ইমানেই গধুৰ হৈ পৰিল যে তাৰ হেণ্ডেল ভাঙি গ’ল। ইয়াৰ পিছতে আই টি কৰ্মীজনে ট্ৰলী বেগটো লোৱাৰ পৰিকল্পনা সলনি কৰিলে।

দৰাচলতে বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৫:৩০ বজাত বেংগালুৰু আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষলৈ ফোন আহিছিল। ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ লগে লগে ঘৰৰ দুৱাৰখন বাহিৰৰ পৰা তলা লগোৱা দেখা পায়। তাৰ পাছত দুৱাৰখন ভাঙি সোমাওঁতে বাথৰুমত এটা ছুটকেছ পৰি থকা দেখিলে।

ফৰেনছিক দলটোৱে যেতিয়া ছুটকেছটো খুলিলে তেতিয়া ভিতৰত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষীয়ে জনোৱা মতে, সাধাৰণতে ছুটকেছত মৃতদেহ ৰখাৰ ক্ষেত্ৰত মৃতদেহটো বিকৃত অৱস্থাত থাকে। কিন্তু এই ঘটনাত মৃতদেহটো অক্ষত অৱস্থাত আছিল যদিও তেওঁলোকে গুৰুতৰভাৱে আঘাতৰ চিন পাইছে।