NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাত বনৰীয়া হাতীৰ তাণ্ডৱ; ভাঙি লণ্ডভণ্ড কৰিলে ঘৰ

Posted by: মানস প্রতীম গগৈ Updated by: মানস প্রতীম গগৈ April 29, 2020 5:53 pm

মাৰ্ঘেৰিটা মহকুমাৰ জাগুনত আজি পুনৰ বনৰীয়া হাতীয়ে তাণ্ডৱ সৃষ্টি কৰে। ডিগবৈ বন সংমণ্ডলৰ অধীনৰ লেখাপানী আৰু জাগুন আঞ্চলিক বন বিভাগৰ অন্তৰ্গত কথা সংৰক্ষিত বনাঞ্চলৰ পৰা আজি পুৱা এটা বনৰীয়া মখনা হাতী ৩নং উদয়পুৰৰ কুঁহিয়াৰ বাৰী নামে ঠাইলৈ ওলাই আহে।

কুঁহিয়াৰ বাৰী অঞ্চলৰ দৰিদ্ৰ, নিঃকিন, বিধৱা বৃদ্ধা এগৰাকীৰ ঘৰত আহি বনৰীয়া হাটীটোৱে বাসগৃহৰ লগতে বিভিন্ন ঘৰুৱা আঁচ-বাব ভাঙি লণ্ড-ভণ্ড কৰে৷ অৱশ্যে হাতীৰ আক্ৰমণৰ পৰা ধনকুমাৰী তামাং (৭০) নামৰ বৃদ্ধাগৰাকী কথমপি ৰক্ষা পৰে৷

উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি কথা সংৰক্ষিত বনাঞ্চলৰ পৰা বনৰীয়া হাতী জনাঞ্চললৈ ওলাই আহি তাণ্ডৱ সৃষ্টি কৰাৰ ফলত অঞ্চলটোৰ জনসাধাৰণে বিনিদ্ৰ ৰজনী কতাব লগা হৈছে।

কিছুদিন পূৰ্বে বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক থিতাতে নিহত হ’ব লগা হৈছিল।