NORTHEAST NOW (Assamese)
অসম

নাৰেংগীত সেনাৰ কেণ্টিনত বনৰীয়া হাতীৰ তাণ্ডৱ; লণ্ডভণ্ড কৰিলে চকী-টেবুল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 27, 2019 7:14 pm

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। বিভিন্ন ঠাইত বন্যহস্তীয়ে তাণ্ডৱ চলোৱাৰ সমান্তৰালভাৱে বিভিন্ন ঠাইত আকৌ হাতীয়েও প্ৰাণ হেৰুৱা লগীয়া হৈছে।

আজি তেনে এক হাতী-মানুহৰ সংঘাত দেখিবলৈ পোৱা যায় মহানগৰীৰ নাৰেংগীৰ সেনা শিবিৰত। আজি নাৰেংগীৰ সেনা শিবিৰৰ কেণ্টিনত এটা বন্যহস্তী প্ৰৱেশ কৰি লণ্ডভণ্ড কৰিলে কেণ্টিনত থকা চকী-টেবুল।

ইয়াৰ পিছতে কেণ্টিনত থকা কৰ্মচাৰীয়ে হাতত জুই লৈ হাতীটো খেদাবৰ বাবে চেষ্টা চলায়। আনহাতে প্ৰায়ে বনৰীয়া হাতী সেনা শিবিৰত প্ৰৱেশ কৰে বুলি এজন সেনা বিষয়াই জানিবলৈ দিয়ে।

ইফালে স্থানীয় ৰাইজে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা হাতীটোৱে বিগত কেইদিনমানৰ পৰা ধৰি অঞ্চলটোত সন্ত্ৰাস চলাই আহিছে যদিও বন বিভাগে এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে।