NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস, কৃষি পামৰ বিস্তৰ ক্ষতি

Posted by: ৰিদিপ শৰ্মা,কলিয়াবৰ Updated by: ৰিদিপ শৰ্মা,কলিয়াবৰ October 27, 2021 3:21 pm

কলিয়াবৰত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস।

খাদ্যৰ সন্ধানত নিশা হ’লেই উপদ্ৰৱ চলাই আহিছে বন্যহস্তীয়ে। 

দীৰ্ঘ দিনৰে পৰা কলিয়াবৰৰ ভিন্ন স্থানত চলাই আহিছে উপদ্ৰৱ।

খাদ্যৰ সন্ধানত কামাখ্যা পাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ জাকে  ঘৰ-দুৱাৰ ভাঙি লণ্ড-ভণ্ড কৰি বহু লোকৰ অনিষ্ট কৰিছে বন্যহস্তীয়ে। 

বুধবাৰে পুৱতি নিশা কলিয়াবৰৰ কামাখ্যা গাঁৱত প্ৰৱেশ কৰি  উপদ্ৰৱ চলাই প্ৰায় ২০ জনীয়া বন্যহস্তীৰ জাকে।

প্ৰশান্ত পাঠক নামৰ লোকজনৰ কৃষিপামৰ পকী ঘৰ ভঙাৰ লগতে অনিষ্ট কৰে কৃষিকাৰ্যত ব্যৱহৃত বহু সামগ্ৰী।
কৃষিপামখনৰ ১০ লক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট কৰে বন্যহস্তীৰ জাকটোৱে।

হাতীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণৰক্ষা পৰে কৃষিপামত থকা পাঁচ জনীয়া শ্ৰমিক পৰিয়ালটোৰ।