NORTHEAST NOW (Assamese)

কলিয়াবৰৰ কামাখ্যা সংৰক্ষিত বনাঞ্চলত বনৰীয়া হাতীৰ কৰুণ মৃত্যু

February 10, 2022 3:13 pm · ৰিদীপ শৰ্মা, কলিয়াবৰ
ফটো: নৰ্থইষ্ট নাও।

কলিয়াবৰৰ কামাখ্যা সংৰক্ষিত বনাঞ্চলত বনৰীয়া হাতীৰ কৰুণ মৃত্যু। ৬ ঘণ্টাৰো অধিক সময় মৃত্যুৰে যুঁজি হাৰ মানিলে প্ৰাপ্তবয়স্ক হাতীটোৱে।

বৃহস্পতিবাৰে পুৱাৰ ভাগত কলিয়াবৰৰ সোণাৰী চাহ বাগিচাৰ ৯ নং লাইনৰ সমীপত বনৰীয়া হাতীটো অসুস্থ অৱস্থাত পৰি থকা দেখি স্থানীয় লোকে বন বিভাগক খবৰ দিছিল।

শিলঘাট বন খণ্ডৰ লোক ঘটনাস্থলীত উপস্থিত হৈ হাতীটোৰ চিকিৎসাৰ ব্যৱস্থা কৰে।

কাজিৰঙাৰ পৰা অহা ৱাইল্ডলাইফ ট্ৰাষ্টৰ চিকিৎসকে সংকটজনক অৱস্থাত পৰি থকা হাতীটোৰ চিকিৎসা আৰম্ভ কৰে যদিও কিছু সময়ৰ পিছতে হাতীটোৰ মৃত্যু ঘটে।

লগতে পঢ়ক: হাস্পাতালত ভৰ্তি অভিনেতা-পৰিচালক অমল পালেকৰ; কি হৈছে ‘গোলমাল’ৰ নায়কগৰাকীৰ?

খাদ্যৰ সন্ধানত ওলাই আহি নিশা অন্য হাতীৰ লগত যুঁজৰ ফলতে হাতীটো আঘাতপ্ৰাপ্ত হোৱাৰ সন্দেহ কৰিছে বন বিভাগে।

আনহাতে, বিষক্ৰিয়া অথবা অন্য কোনো সংক্ৰমণৰ ফলতো হাতীটোৰ মৃত্যু ঘটিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে চিকিৎসকে।

মৰণোত্তৰ পৰীক্ষাৰ পিছত বন বিভাগে হাতীটো পুতি থোৱাৰ ব্যৱস্থা কৰে।

ইপিনে, স্থানীয় লোকসকলে পুস্পাঞ্জলি দি অশ্ৰু অঞ্জলিৰে হাতীটোক শেষ বিদায় দিয়ে।

Related News