NORTHEAST NOW (Assamese)
অসম

চন্দ্ৰপুৰত তীব্ৰবেগী ৰে’লৰ খুন্দাত বনৰীয়া হাতীৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 11, 2020 6:34 pm

গুৱাহাটী মহানগৰীৰ সমীপৰ চন্দ্ৰপুৰ পানবাৰীৰ কুৰকুৰীয়াত ৰে’লৰ খুন্দাত এটা বনৰীয়া হাতীৰ মৃত্যু হোৱাত স্থানীয় লোক সকলে শোক ব্যক্ত কৰে।

বনাঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা ৰে’ল লাইন পাৰ হ’ব ধৰা সময়তে তীব্ৰবেগী উজনিমুৱা দ্ৰুতবেগী ৰে’লৰ খুন্দাত হাতীটোৰ মৃত্যু হয় বুলি স্থানীয় লোক সকলে জানিবলৈ দিয়ে।

ৰে’লৰ খুন্দাত বনৰীয়া হাতীটো মৃত্যু হোৱাৰ খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত হৈ বনৰীয়া হাতীটোৰ মৃতদেহটো উদ্ধাৰ কৰি সৎকাৰৰ ব্যৱস্থা কৰে।

উল্লেখযোগ্য যে, শীতৰ সময়ত প্ৰতি বছৰে অসমত বহুসংখ্যক বনৰীয়া হাতীৰ ৰে’লৰ খুন্দাত মৃত্যু হৈ আহিছে।

স্থানীয় ৰাইজে বন বিভাগৰ লোকৰ লগতে ৰে’লৱে কৰ্তৃপক্ষক বনৰীয়া জীৱ-জন্তুৱে বিচৰণ কৰা সংবেদনশীল অঞ্চলসমূহত বনৰীয়া জীৱ-জন্তুৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে দাবী জনাইছে।

আনহাতে, স্থানীয় ৰাইজে ৰে’লৰ খুন্দাত মৃত্যু হোৱা হাতীটোক গামোছা আৰু ফুল আদি দি অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।