NORTHEAST NOW (Assamese)

জাগুনৰ কথাচেমাত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ মৃত্যু!

October 14, 2018 12:57 pm · মানস প্রতিম গগৈ
জাগুনৰ কথাচেমাত উদ্ধাৰ হোৱা বনৰীয়া মৃত হাতীটো। ফটো : নৰ্থইষ্ট নাও

তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অধীনৰ জাগুন আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত কথাচেমা গাঁৱত বিদ্যুত্‍স্পৃষ্ট হৈ এটা বন্যহস্তীৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে।

নিশা বনৰীয়া হাতীটোৱে কথাচেমা বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহোতে বিদ্যুত্‍স্পৃষ্ট হৈ মৃত্যু হোৱাৰ সন্দেহ কৰিছে স্থানীয় গাওঁবাসীয়ে৷

দেওবাৰে পুৱা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃত প্ৰকাণ্ড বনৰীয়া হাতীটো। ইয়াৰ পাছতে জাগুনৰ বন বিভাগৰ কাৰ্যালয়ত খবৰ দিয়াত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। অৱশ্যে বৰ্তমানলৈকে হাতীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা নাই।

জাগুন সংৰক্ষিত বনাঞ্চলসমূহত অবাধ বনাঞ্চল ধ্বংসৰ বাবে খাদ্যৰ সন্ধানত জনাঞ্চললৈ অহা বন্যহস্তীৰ প্ৰায়ে বিভিন্ন কাৰণত মৃত্যু হোৱাৰ লগতে বন্যহস্তীৰ আক্ৰমণতো মানুহৰ জীৱনৰ লগতে সম্পত্তি বিনাশ হৈ আহিছে।

এইক্ষেত্ৰত বনবিভাগে নিজৰ দায়িত্ব সঠিকভাৱে সম্পাদন নকৰাৰ বাবে এনে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈ আহিছে বুলি স্থানীয় প্ৰকৃতি প্ৰেমী সকলে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

Related News