NORTHEAST NOW (Assamese)
অসম

জাগুনৰ কথাচেমাত বনৰীয়া হাতীৰ অকাল মৃত্যু; বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুৰ সন্দেহ স্থানীয় ৰাইজৰ

Posted by: মানস প্রতীম গগৈ Updated by: মানস প্রতীম গগৈ August 10, 2021 2:40 pm
wild elephant death

জাগুনৰ কথাচেমাত সংঘটিত হৈছে এক কৰুণ ঘটনা। বিদ্যুৎস্পৃষ্ট হৈ এটা হাতীৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে।

কাষৰীয়া যি সমূহ বনাঞ্চল আছে তাৰ পৰা হাতী খাদ্য বস্তুৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰে।

এনেদৰে ওলাই আহোতেই হাতীটো বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।

হাতীটোৰ মৃতদেহ প্ৰত্যক্ষ কৰি কোনো লোকে কু কাণ্ড কৰি বিদ্যুৎ সংযোগ কৰি ৰখাৰ ফলত এয়া সম্পূৰ্ণ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুবৰণ কৰিছে বুলি ধাৰণা কৰিব পাৰি।

ইতিমধ্যে, ঘটনাস্থলীত বনবিভাগৰ লোক আহি তদন্ত আৰম্ভ কৰিছে।

ইপিনে, স্থানীয় ৰাইজে মৃত হাতীটোৰ পূজা অৰ্চনা কৰি শেষ বিদায় দিয়া দেখা গ’ল।