NORTHEAST NOW (Assamese)

কৃষ্ণাইত বন্যহস্তীৰ তাণ্ডৱলীলাঃ ধাইগাওঁ টিলাপাৰা গাঁৱত ব্যাপক ধ্বংসলীলা

November 22, 2021 5:44 pm · নীলমণি শৰ্মা ,কৃষ্ণাই
Updated: November 22, 2021 5:46 pm

গোৱালপাৰা জিলাত অব্যাহত আছে জাক জাক বনৰীয়া হাতীৰ ধ্বংসলীলা৷

খাদ্যৰ সন্ধানত ইটো অঞ্চলৰ পৰা সিটো অঞ্চললৈ ধপলিয়াই ফুৰা বন্যহস্তীৰ জাকে ইতিমধ্যে জিলাখনত শ শ বিঘা কৃষি ভূমিৰ শস্য বিনষ্ট কৰাৰ বিপৰীতে ধ্বংস কৰিছে ঘৰ- দুৱাৰ গছ গছনিকে ধৰি বিভিন্ন খেতিবাতি ৷

প্ৰায় কুৰি বছৰতকৈ অধিক কাল ধৰি তাণ্ডৱ লীলা চলাই থকা বনৰীয়া হাতীৰ আক্ৰমণত ইতিমধ্যে জিলাখনত শতাধিক লোক হতাহত হৈছে ৷

শেহতীয়া ভাৱে জিলাখনৰ কৃষ্ণাইৰ কাষৰীয়া ধাইগাওঁ টিলাপাৰাত বন্যহস্তীৰ সন্ত্ৰাসে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷

যোৱা নিশা বন্যহস্তীয়ে ধাইগাৱঁৰ টিলাপাৰাত একেকোবে গৃহহীন কৰিলে ১৮ টাকৈ পৰিয়ালক। জানিব পৰা মতে,যোৱা নিশা প্ৰায় ৭০/৮০ টাৰে গঠিত বৃহৎ বনৰীয়া হাতীৰ জাক এটি প্ৰৱেশ কৰে গাওঁখনত আৰু এফালৰ পৰা আৰম্ভ কৰে ধ্বংস অভিযান ৷
মুহূৰ্ততে গৃহহীন হৈ পৰিল টিলাপাৰাৰ ১৮টাকৈ পৰিয়াল ৷ মুকলি আকাশৰ তলত এতিয়া গৃহহাৰা আটাইকেইটা পৰিয়াল ৷

চকুৰ সমুখতে নিঃশেষ হোৱা ঘৰবোৰ দেখি উদবাউল হৈ উঠিছে গাওঁখনৰ ৰাইজ। সকলোৰে চকুত কেৱল চকুপানী মাথোঁ চকুপানী। তেওঁলোকৰ যে আজি থাকিবৰ কাৰণে এটা ঘৰ, খাবলৈ এমুঠি চাউল আৰু ৰান্ধিবলৈ এপদ সামগ্ৰীও নাই ।

নিশাৰ পৰাই খোৱা লোৱা কৰিব পৰা নাই গাঁও খনৰ লোক সকলে ৷ হাতীৰ আক্ৰমণৰ পিচতে বন বিভাগক খবৰ দিয়া হৈছিল যদিও বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে ক্ষোভিত ৰাইজে ৷

এনেকি আজি দুপৰীয়া পৰ্যন্ত কোনেও খবৰ ল’বলৈ নাই অহা বুলি ক্ষোভ ব্যক্ত কৰে আক্ৰান্ত ৰাইজে ৷

ইফালে অকল ঘৰ দুৱাৰ ধ্বংস কৰিয়ে ক্ষান্ত নহ’ল হাতীৰ জাকটো,নিশাই গাওঁখনৰ পকা ধাননিডৰাও তচনচ কৰে বন্যহস্তীৰ পালটোৱে ৷ গাওঁ খনৰ দুৰ্দশা দেখি সম্প্ৰতি অঞ্চলটোৰ

সচেতন মহলে বনৰীয়া হাতীয়ে ধ্বংসলীলা চলোৱা গাঁৱখনৰ প্ৰতি ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসন, জন প্ৰতিনিধি, বন বিভাগ তথা চৰকাৰক আহ্বান জনাইছে ৷

Related News