NORTHEAST NOW (Assamese)
অসম

বাক্সাৰ নাগ্ৰীজুলিত খেতি পথাৰত বনৰীয়া হাতীৰ উপদ্ৰৱ; খবৰ নাই বন-বিভাগৰ

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক November 7, 2019 6:23 pm

বিগত কেইবামাহ ধৰি নাগ্ৰীজুলি চাহ বাগিচাৰ সমীপত বনৰীয়া হাতীয়ে নিৰৱচ্ছিন্ন ভাৱে উপদ্ৰৱ অব্যাহত ৰাখিছে। যোৱা সপ্তাহত নাগ্ৰীজুলিত হাতীৰ আক্ৰমণত এজন লোক নিহত হোৱাৰ লগতে এটা হাতীৰ মৃতদেহ উদ্ধাৰ হৈছিল।

কালি নিশাও খাদ্যৰ সন্ধানত অহা বনৰীয়া হাতীৰ এটা বৃহৎ জাকে নাগ্ৰীজুলিৰ খাটৰবাৰী আৰু বাল্টিপাৰ গাঁৱত প্ৰৱেশ কৰি এফালৰ পৰা খেতি পথাৰ তাহিলং কৰি গোটেই নিশা উপদ্ৰৱ চলায়।

গাঁৱৰ ৰাইজে হাতীৰ জাকটোক ফটকা ফুটাই, জুই জ্বলাই, কাঁহী-বাতি, টিন বজাই খেদিবলৈ চেষ্টা কৰে যদিও অসমৰ্থ হয়।

উল্লেখযোগ্য যে, বুধবাৰে নিশা নাগ্ৰীজুলিৰ বাল্টিপাৰ আৰু খাটৰবাৰী গাঁৱৰ লগতে কেইবাটাও প্ৰান্তত বনৰীয়া হাতীয়ে মানুহৰ ঘৰ দুৱাৰ ভঙাৰ উপৰি বিঘাই বিঘাই তামোলৰ গছৰ বাগিচা, নাৰিকলৰ বাগিচা আদিৰ লগতে পথাৰত কাটি থোৱা ধান পৰ্যন্ত খাই তহিলং কৰে।

আনহাতে আজি স্থানীয় লোকসকলে পথাৰত গৈ বন বিভাগৰ ওপৰত ক্ষোভ উজাৰে। ৰাইজৰ অভিযোগ অনুসৰি নিশা বনৰীয়া হাতীয়ে ইমান উপদ্ৰৱ চলোৱাৰ লগতে খবৰ দিয়াৰ পিছতো বাতৰি লিখা সময়লৈকে বন বিভাগৰ লোকে কোনো খবৰ লোৱা নাই।

ইপিনে এতিয়াও নাগ্ৰীজুলি চাহ বাগিচাত বনৰীয়া হাতীৰ এটা জাকে অৱস্থান কৰি আছে। বিপিএফৰ নাগ্ৰীজুলি ব্লক সমিতিৰ সভাপতি খেম বাহাদুৰ থাপাই আজি দিনৰ ভাগত ক্ষতিগ্ৰস্ত গাঁওসমূহ পৰিদৰ্শন কৰে।