NORTHEAST NOW (Assamese)
অসম

চামগুৰিত বনৰীয়া হাতীৰ উপদ্ৰৱ; দুদিন ধৰি চলিছে বনবিভাগৰ হাতী খেদা অভিযান

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা September 12, 2019 9:11 am

বনৰীয়া হাতীৰ অত্যধিক উপদ্ৰৱৰ প্ৰতি লক্ষ্য ৰাখি চামগুৰিত পুনৰ চলিল বন বিভাগৰ দ্বিতীয়টো ব্যাপক হাতী খেদা অভিযান।

উল্লেখযোগ্য যে বিগত দুসপ্তাহ ধৰি চামগুৰিৰ বিভিন্ন স্থানত এটা চাৰিজনীয়া বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলাই আছে।

বুধবাৰে বিয়লি প্ৰায় তিনি বজাৰ পৰা নিশা পৰ্য্যন্ত বন বিভাগে কুৰুৱাবাহীৰ পৰা আৰম্ভ কৰি হাঁহচৰা বৰালী গাঁও, গেন্ধালি, ভৰাগুৰি হৈ কাৰ্বি পাহাৰৰ দিশে হাতীৰ জোকটোক খেদি পঠিওৱাৰ বাবে অভিযান চলায়।

নগাঁও জিলাৰ শালনা ৰেঞ্জ আৰু সদৰ ৰেঞ্জে যুটীয়াভাৱে চলোৱা এই অভিযানত নিয়োজিত প্ৰায় ২০ জন বন বিষয়া-কৰ্মীয়ে গুলী আৰু ফটকা ফুটাই হাতীৰ জাকটোক দূৰলৈকে খেদি পঠিয়াবলৈ সক্ষম হয় যদিও জাকটো পুনৰ উভতি অহাৰ আশংকা কৰিছে স্থানীয় ৰাইজে।

উল্লেখযোগ্য যে, মঙলবাৰেও উদমাৰি আৰু চাপানালা বন বিভাগৰ বনকৰ্মীসকলে মূষলধাৰ বৰষুণকো নেওচি বিয়লিৰ পৰা দোভাগ নিশা পৰ্য্যন্ত বনৰীয়া হাতীৰ জাকটোক পাহাৰলৈ খেদি পঠাইছিল যদিও জোকটো পুনৰ অঞ্চলটোলৈ উভতি আহে।

মঙলবাৰে নিশা খেদি পঠিওৱা বনৰীয়া হাতী কেইটাই পুৱতিনিশা উভতি আহি চামগুৰিৰ গেন্ধালিত ভয়ংকৰ তাণ্ডৱৰ সৃষ্টি কৰি তিনিটা বাসগৃহৰ সগতে খাদ্য-শস্য লণ্ডভণ্ড কৰিছিল, হাতীৰ আক্ৰমণৰ পৰা কথমপি এটা পৰিয়াল ৰক্ষা পৰিছিল।