NORTHEAST NOW (Assamese)
অসম

পেঙেৰীত বনৰীয়া হাতীৰ উপদ্ৰৱ; দোকান গৃহৰ লগতে বাসগৃহ লণ্ড-ভণ্ড

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ April 21, 2020 6:50 pm
Pengeri News

ক’ৰ’না ভাইৰাছ মহামাৰীৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ সমগ্ৰ দেশজুৰি ল’কডাউনৰ অব্যাহত থকাৰ মাজতে বনৰীয়া হাতীয়ে পেঙেৰীত তাণ্ডৱ চলাই দুখন দোকান সহ কেইবাটাও বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে।

আজি ৰাতিপুৱা মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত পেঙেৰীৰ চাৰিআলিস্থিত শৈলেশ নায়ক নামৰ ব্যৱসায়ী জনৰ গেলামালৰ দোকান গৃহটো ভাঙি বনৰীয়া হাতীৰ জাকটোৱে কেইবা বস্তা চাউল খাই পেলোৱাৰ লগতে বহু সামগ্ৰীৰ অনিষ্ট সাধন কৰে।

বন্যহস্তীৰ জাকটোৱে শৈলেশ নায়কৰ দোকানৰ কাষতে থকা সুমিত দাস নামৰ লোকজনৰ পান দোকানখনো ভাঙি পেলোৱাৰ লগতে দোকান খনৰ ফ্ৰীজ আদি ভাঙি পেলায়।

আনহাতে, হাতীৰ জাকটোৱে দোকান কেইখনৰ কাষতে থকা বিজু ফুকন আৰু গঙ্গা পানিকা নামৰ লোক কেইজনৰ বাস গৃহ সমূহ ভাঙি দিয়াৰ ওপৰিও বাৰীৰ গছ-গছনি সমূহ অনিষ্ট কৰি থৈ যায়।

উল্লেখ্য যোগ্য যে,  তৰাণি, নলনি, ইনথেম, উলুপ আদি বনাঞ্চল সমূহত এচাম চোৰাং কাঠ ব্যৱসায়ীয়ে মেচিনেৰে গছ কটা আৰু ফলা কাম অব্যাহত ৰখা অভিযোগ উত্থাপিত হৈ আহিছে যাৰ বাবে বনৰীয়া  হাতীসমূহ বনাঞ্চলৰ পৰা  জনাঞ্চললৈ ওলাই অহা বুলি ধাৰণা কৰা হৈছে।

ইয়াৰ মাজতে খাটাং পানী বনাঞ্চলিক বিষয়া হীৰেন মেদকৰ নেতৃত্বত যোৱা বন বিভাগৰ এটা দলে বুঢ়ী দিহিং আৰু তৰণি বনাঞ্চলৰ পৰা দুখন বাইকসহ গছ কটা আৰু ফলা কামত ব্যৱহৃত দুটাকৈ যন্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয়।