NORTHEAST NOW (Assamese)
অসম

বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী পঞ্চাশোৰ্দ্ধৰ ব্যক্তিৰ কৰুণ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 21, 2021 4:49 pm

বাক্সা জিলাৰ বাৰাপেটা অঞ্চলত বনৰীয়া হাতীৰ আক্ৰমণত জয়দেৱ দাস নামৰ এগৰাকী পঞ্চাশোৰ্দ্ধৰ ব্যক্তিয়ে প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

বুধবাৰে নিশা বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাক এটাৰ আক্ৰমণত জয়দেৱ দাস নামৰ ব্যক্তিগৰাকীৰ মৃত্যু হোৱাৰ লগতে তেওঁৰ বিশেষভাৱে সক্ষম পুত্ৰ হিতেশ দাসো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

বুধবাৰে নিশা বনৰীয়া হাতীৰ আক্ৰমণত জয়দেৱ দাসৰ মৃত্যু হোৱাৰ পাছত ঘটনা সম্পৰ্কত স্থানীয় লোক বন বিভাগক অৱগত কৰে যদিও বৃহস্পতিবাৰে বহু পৰলৈ ঘটনাস্থলীত বন বিভাগৰ কোনো লোক উপস্থিত নোহোৱাত স্থানীয় লোক সকলক উত্তেজিত হৈ পৰে।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।

অঞ্চলটোৰ ৰাইজে বন বিভাগৰ গাফিলতিৰ বাবেই অঞ্চলটোত হাতী-মানুহৰ মাজৰ সংঘাত বৃদ্ধি পাইছে বুলি উল্লেখ কৰাৰ লগতে বন বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।