NORTHEAST NOW (Assamese)

মিকিৰচাং পাহাৰ লাইনত বন্যপ্ৰাণী সপ্তাহৰ বিশেষ অনুষ্ঠান; কুইজ প্ৰতিযোগিতা

October 4, 2019 7:02 am · উত্তম শইকীয়া
মিকিৰচাং পাহাৰ লাইনত বন্যপ্ৰাণী সপ্তাহৰ বিশেষ অনুষ্ঠান। ফটো : নৰ্থইষ্ট নাও

গোলাঘাট বন সংমণ্ডলৰ উদ্যোগত বৃহস্পতিবাৰে বোকাখাতৰ মিকিৰচাঙত ৬৫ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ বিশেষ অনুষ্ঠান আয়োজিত হয় ৷

মিকিৰচাং পাহাৰ লাইন প্ৰাথমিক বিদ্যালয় প্ৰাংগনত আয়োজিত এই অনুষ্ঠানৰ আৰম্ভণিতেই মিকিৰচাং পাহাৰ লাইন প্ৰাথমিক বিদ্যালয় আৰু বিহৰা চাহ বাগিচা মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বন আৰু বন্যপ্ৰাণী সম্পৰ্কীয় মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷

পৰৱৰ্তী সময়ত শিক্ষক তৰুণ বিশ্বাসৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভা ছাত্ৰ ছাত্ৰীৰ দ্বাৰা পৰিবেশিত এক সমবেত গীতেৰে আৰম্ভ কৰা হয় ৷

সভাত গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া আৰু আৰণ্যকৰ সমন্বয়ক নিৰঞ্জন ভূঞাই সমল ব্যক্তি হিচাবে উপস্থিত থাকি হাতী আৰু হাতী-মানুহৰ সংঘাত নিৰাময়ৰ ওপৰত আলোচনা আগবঢ়ায় ৷

মুকলি সভাত গোলাঘাট বন সংমণ্ডলৰ ডি এফ অ’ ভাস্কৰ ডেকা,সহকাৰী বন সংৰক্ষক প্ৰফুল্ল লহকৰ, বোকাখাতৰ ইলেক্ট্ৰনিকছ মিডিয়া জাৰ্ণেলিষ্ট এছোচিয়েশ্যনৰ সভাপতি প্ৰদীপ বৰা, সৰ্ব শিক্ষা অভিযানৰ সমল শিক্ষক দীপক বৈৰাগী উপস্থিত থাকে।

তদুপৰি,গোলাঘাট সংমণ্ডলৰ বনাঞ্চলিক বিষয়া ক্ৰমে পুস্পধৰ বুঢ়গোঁহাই, ৰাজু শইকীয়া আৰু দিপন বৰ্মনৰ, মিকিৰচাং অঞ্চলৰ জেষ্ঠ নাগৰিক মনিৰাম তাঁতী আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী মুনমী সন্দিকৈৰ উপৰিও স্থানীয় বহু লোকে সভাখনত অংশ গ্ৰহণ কৰে ৷

বিহৰা চাহ বাগিচা মাধ্যমিক বিদ্যালয়ৰ শিক্ষক বীৰেন দাসে আঁত ধৰা এই সভাত ছাত্ৰ-ছাত্ৰী সকলে হাতী আৰু মানুহৰ সংঘাতৰ পটভূমিত এখন নাটকো পৰিবেশন কৰে ৷ এই সভাতেই কুইজ প্ৰতিযোগিতাত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰী সকলক বঁটা প্ৰদান কৰা হয় ৷

ইপিনে, কাজিৰঙাতো বৃহস্পতিবাৰে বন্যপ্ৰাণী সপ্তাহ উপলক্ষে হস্তী দিৱস উদযাপন কৰা হয় ৷

কাজিৰঙাৰ কৰ্তৃপক্ষ আৰু কৰবেট ফাউণ্ডেশ্যনে আয়োজন কৰা এই অনুষ্ঠানত কাজিৰঙাৰ কাষৰীয়া বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক হাতীৰ বিষয়ে জ্ঞান প্ৰদান কৰা হয় ৷

Related News