NORTHEAST NOW (Assamese)
অসম

একেলগ হ’ব নেকি অখিল, লুৰীণ আৰু পলাশ ? : কি ইংগিত লুৰীণজ্যোতি গগৈৰ ?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 13, 2020 9:01 pm
Akhil Lurin Polash

বিভিন্ন বিতৰ্ক, বিভিন্ন সমালোচনা, বিভিন্ন আলোচনা তথা চৰ্চা চলিল।

অৱশেষত লুৰীণজ্যোতি গগৈ ফেন ক্লাৱৰ তৰফৰ পৰা আহিল এক স্পষ্ট ইংগিত।

বিজেপিক উৎখাত তথা কংগ্ৰেছ, এআইয়ুডিএফক প্ৰতিহত কৰাৰ স্বাৰ্থত একত্ৰিত হ’ব সকলো আঞ্চলিক শক্তি।

লুৰীণজ্যোতি গগৈৰ উদ্ধৃতি দি লুৰীণজ্যোতি গগৈ ফেন ক্লাৱ নামৰ ফেইচবুক পেজটোৱে লিখিলে যে তেওঁলোকৰ লক্ষ্য বিজেপিক ওফৰোৱা তথা কংগ্ৰেছ-এআইয়ুডিএফক প্ৰতিহত কৰা।

‘পৰামৰ্শদাতা কমিটিয়ে এটা শক্তিশালী, ঐক্যৱদ্ধ আঞ্চলিক দলৰ পৰামৰ্শ দিছে। আমাৰ লক্ষ্য বিজেপিক ওফৰোৱা। কংগ্ৰেছ-AIUDFক প্ৰতিহত কৰা। গতিকে ৰাজনৈতিকভাৱে সকলো ঐক্যৱদ্ধ হ’বই লাগিব।‘ ফেচবুক পেইজটোৰ মতে এইদৰে কয় লুৰীণজ্যোতি গগৈয়ে।

তেওঁলোকে লগতে গগৈৰ উদ্ধৃতি দি লিখি কয় ‘ভোট বিভাজন হ’ব নালাগিব। BJP বিৰোধী সকলো ভোট এক স্থানত পৰিব লাগিব।‘

Screenshot_20200913-194417

অৱশ্যে, নতুনকৈ গঠন হ’বলগীয়া ৰাজনৈতিক দলটোৱেহে সিদ্ধান্ত ল’ব তেওঁলোকে কেনেকৈ কাম কৰি যাব।

পেইজটোত উল্লেখ কৰা মতে ‘ৰাজনৈতিক দলটোৱে সিদ্ধান্ত ল’ব কেনেকৈ কাম কৰিব। সেয়া এটা দল হয় নে alliance politics হয় সেই সিদ্ধান্ত ৰাজনৈতিক দলটোৱে ৰাজনৈতিক ভাবে ল’ব।‘

শেষত তেওঁলোকে কয় ‘অপেক্ষা কৰক, দল গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছেহে।‘

যদি পেইজটোত লুৰীণজ্যোতি গগৈৰ বক্তব্য প্ৰকৃতাৰ্থত সত্য হয়, তেন্তে অসমৰ ৰাজনৈতিক ইতিহাসত সঁচাকৈয়ে এক সাংঘাটিক ধুমুহাৰ সৃষ্টি হ’ব।

উল্লেখযোগ্য যে, বিজেপিক ওফৰাবলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা কাৰাৰুদ্ধ অখিল গগৈয়ে আছু, এজেৱাইচিপি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিক একত্ৰিত হ’বলৈ আহ্বান জনাই আহিছিল।