NORTHEAST NOW (Assamese)
Popular Stories

গ্ৰেপ্তাৰ হ’ব ভূপেন বৰা! থানাই থানাই ৰুজু গোচৰ :  ২৮৩ খন এজাহাৰ দাখিল বিজেপিৰ যুৱ মৰ্চাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 28, 2023 8:54 pm

অচিৰেই গ্ৰেপ্তাৰ হ’ব পাৰে ভূপেন বৰা। সমগ্ৰ অসমতে ভাৰতীয় যুৱ মৰ্চাই ২৮৩ খন এজাহাৰ দাখিল কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে।

ভগৱান কৃষ্ণক লৈ কৰা বিতৰ্কিত মন্তব্যৰ বাবে ভূপেন কুমাৰ বৰা গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা থকা বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইংগিত দিয়াৰ এদিন পিছতে ভাৰতীয় জনতা যুৱ মৰ্চাই ৰাজ্যৰ ৩৯খন সাংগঠনিক জিলাৰ ফালৰ পৰা বৰাৰ বিৰুদ্ধে ২৮৩ খন এজাহাৰ দাখিল কৰিছে।

‘লাভ জেহাদ’ক সমৰ্থন কৰা আৰু ভগৱান কৃষ্ণক লাভ জেহাদী বুলি মন্তব্য কৰা বুলিও যুৱ সংগঠনটোৱে এপিচিচিৰ নেতাগৰাকীক তীব্ৰ সমালোচনা কৰিছে।

সংগঠনটোৱে এক প্ৰেছ বিবৃতিত এপিচিচিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ এনে বিতৰ্কিত মন্তব্যই কংগ্ৰেছৰ ভাৰতবিৰোধী মানসিকতা উদঙাই দিয়াৰ কথাও উল্লেখ কৰিছে।

ভূপেন বৰাৰ এনেধৰণৰ বক্তব্য অসমৰ বৈষ্ণৱ ধৰ্ম অনুগামীসকলৰ বাবেও প্ৰত্যক্ষ ভাবুকি বুলি উল্লেখ কৰিছে সংগঠনটোৱে।

উল্লেখ্য যে, শুকুৰবাৰে পুৱা ভূপেন বৰাই তেওঁৰ বিতৰ্কিত মন্তব্যক লৈ ৰাজ্যবাসীৰ পৰা ক্ষমা বিচাৰিছিল। 

লগতে পঢ়কঃ বোধোদয়! ‘মই দুৰাচাৰ, কেৱল তোমাৰ…’ লাভ জেহাদ মন্তব্যৰ বাবে ক্ষমা বিচাৰিলে ভূপেন বৰাই