NORTHEAST NOW (Assamese)
অসম

এইবাৰ আই পি এলত ভংগ হ’বনে ক্ৰিছ গেইলৰ অভিলেখ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 3, 2020 3:41 pm
73103c0bd33fec3ecb15c350309aea21

চলিত মাহৰ ২৯ তাৰিখৰ পৰা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ ১৩ সংখ্যক সংস্কৰণটো আৰম্ভ হ’ব।

প্ৰতিযোগিতাখনৰ উদ্বোধনী খেলখন অহা ২৯ মাৰ্চত মুম্বাইৰ ৱাংখাড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

ইতিমধ্যে এই প্ৰতিযোগিতাখনত আটাইতকৈ বৃহৎ ইনিংছ খেলাৰ প্ৰথম স্থানত  আছে ৱেষ্ট ইণ্ডিজৰ বিধ্বংসী বেটছমেন ক্ৰিছ গেইল।

তেওঁ ২০১৩বৰ্ষৰ ২৩ এপ্ৰিলত পুনে ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বাংলালুৰু(আৰ চি বি)ৰ হৈ অপৰাজিত ১৭৫ৰাণৰ ইনিংছ খেলিছিল।

এই ইনিংছটো সজাওতে তেওঁ মাত্ৰ ৬৬টা বলৰ সন্মুখীন হৈছিল।

চিন্নাস্বামী ষ্টেডিয়ামত খেলোৱা এই মেচখনত ক্ৰিছ গেইলে ১৭টা ছয় আৰু ১৩ টা চাৰি কোবাইছিল।

বিগত প্ৰায় সাত বছৰে এতিয়ালৈকে কোনো বেটছমেনে ক্ৰিছ গেইলৰ সেই অভিলেখ ভংগ কৰিব পৰা নাই।

আইপিএলত গেইলে প্ৰাক্তন নিউজিলেণ্ডৰ অধিনায়ক ব্ৰেণ্ডম মেককুলামৰ বৃহৎ ইনিংছৰ অভিলেখ ভংগ কৰিছিল।

মেককুলামে ২০০৮ বৰ্ষৰ ১৮ এপ্ৰিলত চিন্নাস্বামী ষ্টেডিয়ামত কে কে আৰৰ হৈ আৰ চি বিৰ বিৰুদ্ধে খেলি এক অপৰাজিত ১৫৮ ৰাণৰ ইনিংছ খেলিছিল।