NORTHEAST NOW (Assamese)
অসম

বিশেষজ্ঞৰ আশংকা: শীতকালত অধিক সংহাৰী হৈ পৰিব ক’ৰ’ণা ভাইৰাছ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 17, 2020 6:52 pm
cold

ক’ৰ’ণা ভাইৰাছে সমগ্ৰ বিস্বৰ লগতে ভাৰততো সংহাৰৰ সৃষ্টি কৰিছে।

ভাৰতত ক’ৰ’ণা কালৰ অন্ত কেতিয়া পৰিব তাকেলৈ এতিয়া দেশৰ স্বাস্থ্য বিজ্ঞানী সকল চিন্তিত হৈ পৰিছে।

ক’ৰ’ণাৰ ভেকচিন ২০২১ চনতহে বজাৰলৈ আহিব বুলি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্দ্ধনে আজি প্ৰকাশ কৰাৰ পিচতে মানুহৰ মাজত এটা আশংকা গা কৰি উঠা পৰিলক্ষিত হৈছে।

সেয়া হৈছে শীতকালত দেশত ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ বৰ্তমানতকৈও অধিক সংহাৰী হৈ উঠিব নেকি?

সাধাৰণ লোকৰ মনত উদ্ৰেক ঘটা  এনে আশংকাই ব্যক্ত কৰিছে খোদ স্বাস্থ্য বিজ্ঞানী একাংশয়ো।

বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰাক্তন বিশেষজ্ঞ ক্লাউচ ষ্টৰে প্ৰকাশ কৰা মতে শীতকালটো মানুহৰ বাবে অধিক সংকটৰ সময় হ’ব।

কাৰণ ক্ষণে প্ৰতি চৰিত্ৰৰ সলনি ঘটোৱা ক’ৰ’ণা ভাইৰাছে শীতকালত অধিক বিধ্বংসী হৈ পৰাৰ আশংকা আছে।

তেওঁৰ মতে ক’ৰ’ণা হৈছে ফ্লু জাতীয়  এক ভাইৰাছ।

যিহেতু ফ্লুজাতীয় ভাইৰাছ শীতকালত অধিক সক্ৰিয় হৈ পৰে সেয়ে ক’ৰ’ণা ভাইৰাছো সেই সময়ছোৱাত অধিক সক্ৰিয় হৈ উঠাৰ আশংকা আছে।

ভাৰতৰ  আই আই টি ভূৱনেশ্বৰ আৰু এইমছৰ চিকিৎসকৰ দল এটাই চলোৱা সমীক্ষাতো ক’ৰ’ণা ভাইৰাছে শীতকালত অধিক হাৰত মানুহক সংক্ৰমিত কৰিব বুলি আশংকা ব্যক্ত কৰিছে।

শীতকালত যিহেতু শ্বাস-প্ৰশ্বাস জনিত ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায় সেয়ে ক’ৰ’ণাই এই সময়ছোৱাত মহাসংহাৰৰ সৃষ্টি কৰিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে গৱেষকৰ দলটোৱে।