NORTHEAST NOW (Assamese)
অসম

‘বিধেয়কৰ বিৰুদ্ধে শেষ বিন্দু তেজলৈকে যুঁজিম’, হাতত গামোচাৰে সংকল্প অসম ছাত্ৰ যুৱ সন্মিলনৰ

Posted by: এন ই নাও নিউজ January 10, 2019 6:45 pm

গুৱাহাটী কমাৰ্চ কলেজৰ সন্মুখত অসম ছাত্ৰ যুৱ সন্মিলনৰ প্ৰায় অৰ্ধশতাধিক কৰ্মীয়ে হাতত একোখনকৈ গামোচা লৈ ৰাজহুৱাকৈ সংকল্প গ্ৰহণ কৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শেষ বিন্দু তেজ থকালৈকে আন্দোলন চলাই নিয়াৰ।

কাৰ্যসূচীত ঢোল-তালেৰে সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ বিৰুদ্ধে বিহুগীত গাই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদস্থলীৰ পৰা অসম ছাত্ৰ যুৱ সন্মিলনৰ ৰাজ্যিক সম্পাদক মাধুৰ্য্য বৰুৱাই ৰাইজক অনাগত সময়ত অধিক জংগী আন্দোলন গঢ়ি তুলিবলৈ সাজু থাকিবৰ বাবে আহ্বান জনায়।

ড০ হীৰেন গোহাঁইৰ বিৰুদ্ধে দেশদ্ৰোহীতাৰ গোচৰ ৰুজু কৰাৰ তীব্ৰ প্ৰতিবাদ

অসমৰ বিবেকস্বৰূপ ড০ হীৰেন গোহাঁইৰ বিৰুদ্ধে বিজেপি চৰকাৰে আক্ৰোশমূলক আৰু ষড়যন্ত্ৰমূলকভাৱে যি দেশদ্ৰোহীতাৰ গোচৰ ৰুজু কৰিছে সেই ঘটনা বিজেপি চৰকাৰৰ চূড়ান্ত জাতিদ্ৰোহী ফেচিষ্ট চৰিত্ৰক ৰাইজৰ আগত নগ্নভাৱে উদঙাই দিছে। এই কাৰ্যক ছাত্ৰ সুৱ সন্মিলনে তীব্ৰ ভাষাৰে নিন্দা কৰাৰ লগতে অতি শীঘ্ৰে ড০ হীৰেন গোহাঁইৰ লগতে কৃষক নেতা অখিল গগৈ আৰু সাংবাদিক মনজিৎ মহন্তৰ বিৰুদ্ধে দিয়া গোচৰ উঠাই লোৱাৰ দাবী জনাইছে।