NORTHEAST NOW (Assamese)
Popular Stories

এটা বিশেষ সম্প্ৰদায়ৰ বাবে ‘সংৰক্ষণ’ কৰা হ’ব পাৰে কোভিড ভেকচিন! : চেৰামৰ ইঙ্গিত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 28, 2020 8:09 pm
176752-ceo-web

প্ৰথম পৰ্যায়ৰ মানৱ ট্ৰায়েল সফল হোৱা ক’ৰ’নাৰ প্ৰতিষেধক কোভিডশ্বীল্ডৰ দ্বিতীয় পৰ্যায়ৰ ট্ৰায়েল ভাৰতত আৰম্ভ হোৱাৰ কথা।

ইতিমধ্যে কেন্দ্ৰৰ বায়টেকন’লজি বিভাগে ভাৰতৰ পাঁচখন চিকিৎসা প্ৰতিষ্ঠানত ক’ৰ’না প্ৰতিষেধক বিধৰ দ্বিতীয় পৰ্যায়ৰ মানৱ শৰীৰৰ ট্ৰায়েলৰ বাবে নিৰ্বাচন কৰিছে।

দ্বিতীয় পৰ্যায়ৰ ট্ৰায়েল সফল  হোৱাৰ লগে লগেই তৃতীয় পৰ্যায় হিউমেন ট্ৰায়েলৰ বাবে ভাৰত চৰকাৰক আবেদন জনোৱাৰ কথা প্ৰকাশ কৰিছে অন্যতম প্ৰস্তুতকাৰী প্ৰতিষ্ঠান চেৰাম-এ।

চেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ প্ৰতিষ্ঠান আদৰ পানোৱালে চ’ছিয়েল মিডিয়াৰ যোগে এক ইংগিত প্ৰদান কৰিছে যে, ভেকচিনবিধ সফল হোৱাৰ লগে লগে এটা বিশেষ সম্প্ৰদায়ৰ বাবে ইয়াক সংৰক্ষিত কৰা হ’ব পাৰে!

উল্লেখ্য সকলোবোৰ সঠিক মতে আগবাঢ়িলে বিশ্বৰ সৰ্ববৃহৎ ভেকচিন প্ৰস্তুতকাৰী প্ৰতিষ্ঠান চেৰাম-এ অহা নৱেম্বৰ মাহৰ ভিতৰত ৩০ ৰপৰা ৪০ লাখ ভেকচিন প্ৰস্তুত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে।

ইফালে Upgradeৰ কৰ্ণধাৰ ৰণী স্ক্ৰুৱালাই পানাৱোলাক অনুৰোধ কৰি এটা টুইটত লিখিছে যে, “যিহেতু বিশ্বজুৰি পাৰ্ছীয়ানৰ সংখ্যা ক্ৰমশঃ বৃদ্ধি পাইছে, সেয়ে তেওঁলোকৰ বাবে ভেকচিনবিধ সংৰক্ষণ কৰা উচিত। কাৰণ এই যুদ্ধ জয়ী হ’বলৈ প্ৰতিজনেই নেতৃত্ব দিছে।”

ইয়াৰ প্ৰত্যুত্তৰ পানোৱালাই লিখিছে, “অৱশ্যেই আমাৰ সম্প্ৰদায়ৰ বাবে যথেষ্ট ভেকচিন জমা ৰখা হ’ব। আমাৰ সম্প্ৰদায়ৰ খুব সৰু। আমাৰ সংস্থাই একেদিনাই আমাৰ সম্প্ৰদায়ৰ বাবে ভেকচিন প্ৰস্তুত কৰিব পাৰিব।”

আনকি খোদ আদৰ পানোৱালাৰ পিতৃ চাইৰাচ পানোৱালাই ক’ৰ’নাৰ প্ৰতিষেধক প্ৰস্তুত হ’লেই সকলোতকৈ আগতে ৬০ হাজাৰ ভেকচিন পাৰ্ছীয়ানসকলৰ বাবে সংৰক্ষণ কৰি ৰাখিবলৈ আহ্বান জনাইছে।