NORTHEAST NOW (Assamese)

বঁটা প্ৰদান অনুষ্ঠানত সঞ্চালকক চৰ মৰাৰ পৰিণতি; অস্কাৰৰ মঞ্চত ১০ বছৰলৈ নিষিদ্ধ উইল স্মিথ

April 9, 2022 9:24 am · এন ই নাও নিউজ, গুৱাহাটী

অস্কাৰৰ মঞ্চত অনুষ্ঠানৰ সঞ্চালক কৌতুক অভিনেতা ক্ৰিছ ৰকক প্ৰচণ্ড চৰ শোধাই ইয়াৰ পৰিণামৰ সন্মুখীন হৈছে অভিনেতা উইল স্মিথ। এইদৰে চৰ মৰাৰ অপৰাধত স্মিথক অস্কাৰৰ পৰা ১০ বছৰৰ বাবে নিষিদ্ধ কৰা হৈছে।

অস্কাৰৰ আয়োজন কৰে একাডেমী অফ মোশ্যন পিকচাৰ্ছ আৰ্টছ এণ্ড ছায়েন্স-য়ে। শুকুৰবাৰে স্মিথৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে ইয়াৰ বৈঠক অনুষ্ঠিত হয়। ইয়াতেই স্মিথৰ শাস্তিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অৱশ্যে স্মিথে পূৰ্বেই তেওঁৰ আচৰণৰ বাবে ক্ষমা বিচাৰি একাডেমীৰ পৰা পদত্যাগ কৰিছিল।

অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত স্মিথে তেওঁৰ পত্নী জেডা পিংকেটকলৈ ক্ৰিছ ৰকে কৰা ৰসিকতাক সহজভাৱে ল’ব নোৱাৰি ক্ৰিছক মঞ্চলৈ গৈ প্ৰচণ্ড চৰ শোধাইছিল।

লগতে পঢ়ক: ৰাছিয়াই দেশখনত বন্ধ কৰিলে এমেনেষ্টি ইন্টাৰনেশ্যনেল আৰু হিউমেন ৰাইটছ ৱাচ্চৰ কামকাজ

উইল স্মিথৰ এই কাণ্ডৰ পিছতেই হলীউদত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। স্মিথে যে এক ডাঙৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব সেইটো প্ৰায় নিশ্চিত আছিল। আনকি উক্ত ঘটনাৰ পিছতে দুটাকৈ বৃহৎ প্ৰয়োজনা সংস্থাই স্মিথৰ সৈতে তেওঁলোকৰ কামকাজ সাময়িকভাৱে বন্ধ কৰি দিয়ে।

ইপিনে, উইল স্মিথে চৰ মাৰি বিতৰ্কৰ মাজলৈ সোমাই পৰি শাস্তিৰ সন্মুখীনো হ’ল যদিও অস্কাৰৰ মঞ্চত চৰৰ সন্মুখীন হোৱা ক্ৰিছ ৰকে এতিয়াও এই বিষয়কলৈ কিন্তু মুখ খোলা নাই।

Related News