NORTHEAST NOW (Assamese)
Popular Stories

আন্না হাজাৰেৰ ঘোষণা- কৃষকৰ সমস্যাক লৈ দিল্লীত অনশন কাৰ্যসূচী গ্ৰহণ কৰা হ’ব

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 15, 2021 10:47 am

সমাজকৰ্মী আনা হাজেৰেই বৃ্হস্পতিবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখি কৃষকৰ সমস্যা সন্দৰ্ভত তেওঁৰ সিদ্ধান্তৰ কথা পুনৰ এবাৰ স্পষ্ট ৰূপত অৱগত কৰে।

পত্ৰখনত হাজাৰেই কয় যে তেওঁ জানুৱাৰি মাহৰ শেষৰ পিনে কৃষকৰ সমস্যা সন্দৰ্ভক লৈ দিল্লীত জীৱনৰ অন্তিম অনশন কাৰ্যসূচী ৰূপায়ণ কৰিব।

কেন্দ্ৰৰ নতুন কৃষি আইন তিনিখন বাতিলৰ দাবীত দিল্লীৰ সীমান্তত হাজাৰ-হাজাৰ কৃষকে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে হাজাৰেই চৰকাৰলৈ এই পত্ৰ প্ৰেৰণ কৰে।

সংবাদ মাধ্যমৰ আগত তাৰিখ উল্লেখ নকৰাকৈয়ে ৮৩ বছৰীয়া হাজাৰেই চলিত মাহৰ শেষৰ পিনে অনশন কাৰ্যসূচী আৰম্ভ কৰিব বুলি জনায়।

উল্লেখ্য যে যোৱা ১৪ ডিচেম্বৰত আন্না হাজেৰেই কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰলৈ এখন পত্ৰৰ জৰিয়তে কৃষকৰ দাবী সমূহ মানি ন’ললে তেওঁ অনশন কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিছিল।

চৰকাৰে হাজাৰেৰ পত্ৰৰ কোনো উত্তৰ নিদিয়াত তেওঁ কয়, ‘কৃষকৰ এই সমস্যা সন্দৰ্ভত মই চৰকাৰক পাঁচবাৰ পত্ৰ লিখিছো কিন্তু একো উত্তৰ নাহিল’।

প্ৰধান মন্ত্ৰীলৈ লিখা পত্ৰত হাজাৰেই উল্লেখ কৰে, ‘মোৰ পত্ৰৰ কোনো উত্তৰ নিদিয়াৰ বাবে মই জীৱনৰ অন্তিম অনশন কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত লৈছো’।