NORTHEAST NOW (Assamese)
অসম

দক্ষিণ কেলিফ’ৰ্নিয়াত বনজুইৰ সংহাৰ, হাজাৰ হাজাৰ লোকক স্থানান্তৰিত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 4, 2020 5:14 pm
a wil fire

কেলিফ’ৰ্ণিয়াৰ দক্ষিণ অঞ্চলত বনজুইয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে।

বিগত দুদিন ধৰি ৫০০ খন হেলিকপ্তাৰেৰে আৰ্ছেনল প্ৰয়োগ কৰিও  নিৰ্বাপিত  কৰিব পৰা হোৱা নাই এই বিধ্বংসী বনজুই।

কিছুদিন পূৰ্বে কেলিফ’ৰ্ণিয়াৰ বনজুইত অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটি লৈছিল ১১ জন লোকে।

শেহতীয়া বনজুইত কেলিফ’ৰ্ণিয়াৰ সমতল আৰু পাহাৰসহ ৩,৬৫০ একৰ সেউজ বনভূমি জাহ গৈছে।  হাজাৰৰো অধিক ঘৰ ভস্মীভূত হৈছে এই বনজুইত।

প্ৰতি দিনে প্ৰায় বহু সেউজ বনভূমি জ্বলি ছাই হৈছে এই বনজুইত।

ইতিমধ্যে সহস্ৰাধিক  লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।

বহু বন্য জীৱ-জন্তু এই বনজুইত জাহ গৈছে। বন্য প্ৰাণীৰ উদ্ধাৰ অভিযানো অব্যাহত ৰাখিছে স্থানীয় প্ৰশাসনে।

বনজুই নিৰ্বাপন কৰিবলৈ ১২ হাজাৰ অগ্নিনিৰ্বাপক বাহিনীৰ লোক, হেলিকপ্টাৰ আৰু এয়াৰক্ৰাফ্ট নিয়োজিত কৰা হৈছে যদিও জুই নিয়ন্ত্ৰণলৈ অহা নাই। বৰং নতুন নতুন ঠাইলৈ বিয়পি গৈছে বনজুই।

উল্লেখ্য প্ৰতি বছৰে এই সময়ছোৱাত আমেৰিকাৰ কেলিফ’ৰ্নিয়াকে ধৰি আন বহু কেইখন প্ৰদেশত বনজুয়ে সংহাৰৰ সৃষ্টি কৰে।

এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই। মাৰ্কিন প্ৰশাসনে বনজুই নিয়ন্ত্ৰণ কৰিবলৈ কেলিফ’ৰ্নিয়াৰ প্ৰশাসনক কঠোৰ নিৰ্দেশ দিছে।