NORTHEAST NOW (Assamese)
Popular Stories

মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত বিজয়েৰে যাত্ৰা আৰম্ভ লাভলিনা বৰগোহাঁইৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 10, 2022 1:10 pm

টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী লাভলিনা বৰগোহাঁইয়ে সোমবাৰে লাইট মিডলৱেট বিভাগত প্ৰাক্তন চেম্পিয়ন চেন নিন-চিনক পৰাস্ত কৰি ইস্তানলত অনুষ্ঠিত আইবিএ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ৰাউণ্ড অফ ১৬ ত প্ৰৱেশ কৰে। যোৱা বছৰ টকিঅ’ গেমছত পোডিয়াম সমাপ্ত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতামূলক বক্সিঙলৈ উভতি অহা লাভলিনাই (৭০ কিলোগ্ৰাম) চীনা টাইপেই বক্সাৰ চেন নিন-চিনৰ বিৰুদ্ধে ৩-২ বিভাজিত সিদ্ধান্তত বিজয়ী হয়।

চেনে ২০১৮ সংস্কৰণৰ ছেমিফাইনেলত লাভলিনাক পৰাজিত কৰিছিল। চেনৰ বিৰুদ্ধে লাভলিনাৰ এইটো দ্বিতীয় জয়। ভাৰতীয় বক্সাৰগৰাকীয়ে টকিঅ’ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত ব্ৰঞ্জৰ পদক জয়ৰ পথত তেওঁৰ পৰা ভাল প্ৰত্যাহ্বান পাইছিল।

লগতে পঢ়ক: অশান্ত শ্ৰীলংকা! বিক্ষোভকাৰীয়ে জ্বলাই দিলে মহিন্দা ৰাজপাক্ষেৰ পৰিয়ালৰ পৈতৃক ঘৰ

প্ৰতিযোগিতাখনৰ ২০১৮ আৰু ২০১৯ সংস্কৰণত দুটা ব্ৰঞ্জৰ পদক লাভ কৰা ২৪ বছৰীয়া অসমৰ বক্সাৰগৰাকীয়ে এতিয়া ১৬ ৰাউণ্ডত ইংলেণ্ডৰ তিনিবাৰৰ ৰাষ্ট্ৰীয় চেম্পিয়ন চিণ্ডি নগাম্বাৰ সৈতে খেলিব।

দুয়োজন বক্সাৰে ইজনে সিজনৰ পৰা দূৰত্ব বজাই ৰাখি সতৰ্কতাৰে খেলিবলৈ আৰম্ভ কৰিছিল। লাভলিনাই সোনকালেই তেওঁৰ দীঘল বাহুৰ ব্যৱহাৰেৰে আক্ৰমণ আৰম্ভ কৰে যদিও চেনেও সেয়া ভালদৰে প্ৰতিৰোধ কৰিছিল।

দুয়োজন বক্সাৰে দ্বিতীয় ৰাউণ্ডত কেইটামান দৃষ্টিনন্দন পাঞ্চ প্ৰক্ষেপ কৰিছিল।

লগতে পঢ়ক: নিহত ফটো সাংবাদিক ডেনিছ চিদ্দিকীকে ধৰি ৪ জন ভাৰতীয়ই লাভ কৰিলে পুলিৎজাৰ বঁটা

বিশ্ব চেম্পিয়নশ্বিপত ক্ৰমে ২০১৮ আৰু ২০১৬ চনত স্বৰ্ণ আৰু ব্ৰঞ্জৰ পদক অৰ্জন কৰা চেনে তৃতীয় ৰাউণ্ডত আক্ৰমণৰ চেষ্টা কৰিছিল যদিও অতি সন্তৰ্পণে আগবঢ়া লাভলিনাই ভাল প্ৰতিৰক্ষা কৌশলেৰে অৱৰোধ কৰে আৰু তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেলখনৰ ফলাফল নিজৰ পক্ষত ৰাখিবলৈ সক্ষম হয়।