NORTHEAST NOW (Assamese)
জীৱনশৈলী

শীতকালত গাঁঠিৰ আৰু হাত-ভৰিৰ বিষ? জানক সকাহ পোৱাৰ সহজ উপায়

Posted by: এন ই নাও নিউজ, গুৱাহাটী December 23, 2025 7:30 am

শীতকাল বহুতৰে বাবে আৰামদায়ক হ’লেও, ঠাণ্ডা বতৰত বহু লোকে হাত-ভৰি চেঁচা পৰাৰ লগতে গাঁঠিৰ বিষত ভুগিবলগীয়া হয়। বিশেষকৈ বয়স বঢ়াৰ লগে লগে এই সমস্যাটো অধিক দেখা যায় যদিও বৰ্তমান কম বয়সীয়া লোকসকলো ইয়াৰ সন্মুখীন হোৱা দেখা যায়।

চিকিৎসকসকলৰ মতে, শীতকালত অত্যধিক ঠাণ্ডাৰ প্ৰভাৱত হাত-ভৰিৰ ৰক্তবাহী নলীবোৰ সংকুচিত হৈ পৰে; যাৰ ফলত তেজৰ চলাচল হ্ৰাস পায় আৰু বিষ, জঠৰতা বা অস্বস্তিৰ সৃষ্টি হয়।

এই সমস্যাৰ পৰা সকাহ পোৱাৰ কিছু সহজ উপায়:

উষ্ণতা বজাই ৰাখক: ঠাণ্ডা বতৰত উলৰ মোজা আৰু হাতমোজা (Gloves) পিন্ধি হাত-ভৰি গৰম কৰি ৰাখিব লাগে। প্ৰয়োজন অনুসৰি ‘হিটিং পেড’ ব্যৱহাৰ কৰাটোও উপকাৰী।

তেল মালিচ: ৰাতি শোৱাৰ আগতে হাত-ভৰিত কুহুমীয়া সৰিয়হৰ তেল বা তিলৰ তেল মালিচ কৰিলে ৰক্ত সঞ্চালন উন্নত হয় আৰু বিষ কমে।

নিয়মিত ব্যায়াম: দৈনিক যোগাসন বা ব্যায়ামে শৰীৰ উষ্ণ কৰি ৰখাত সহায় কৰে। অন্ততঃ ২০–৩০ মিনিট খোজ কঢ়া বা লঘু ব্যায়াম কৰিলে গাঁঠিৰ জঠৰতা হ্ৰাস পায়।

পুষ্টিকৰ আহাৰ: শীতকালত আইৰণ, কেলচিয়াম আৰু ভিটামিনযুক্ত খাদ্য গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। পুষ্টিৰ অভাৱ হ’লে হাত-ভৰি অধিক ঠাণ্ডা হ’ব পাৰে।

পৰ্যাপ্ত পানী পান কৰক: বহুতে শীতকালত পানী কমকৈ খায়, যাৰ ফলত ডিহাইড্ৰেচন হৈ সমস্যাটো বৃদ্ধি পাব পাৰে। সেয়ে পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে। লগতে হাত-মুখ ধুবলৈ ঠাণ্ডা পানীৰ পৰিৱৰ্তে কুহুমীয়া পানী ব্যৱহাৰ কৰিলে আৰাম পোৱা যায়।

সতৰ্কবাণী: যদি বিষৰ সমস্যাটো অধিক গুৰুতৰ হয় বা দীঘলীয়া সময় ধৰি থাকে, তেন্তে পলম নকৰি চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয়।