NORTHEAST NOW (Assamese)
অসম

ধৰ্ষণমুক্ত ভাৰত গঢ়াৰ লক্ষ্যেৰে সকলো সাংসদ প্ৰাৰ্থীলৈ স্মাৰকপত্ৰ দিব ‘গ’ল্ড’-এ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 6, 2019 8:25 pm

শিশু ও মহিলাৰ ওপৰত চলি থকা নিৰ্য্যাতন নাইকিয়া কৰাৰ উদ্দেশ্যে অহা ৯ এপ্ৰিলত গ্ল’ৱেল অৰগেনাইজেশ্যন ফৰ লাইফ ডেভেলপমেন্টে চমুকৈ গ’ল্ড আৰু নোবেল বঁটা বিজয়ী কৈলাশ সত্যাৰ্থীৰ সংগঠন ‘চিল্ড্ৰেন ফাউণ্ডেশ্বনে’ ভাৰতৰ প্ৰত্যেকটো লোকসভা সমষ্টিৰ প্ৰাৰ্থীসকললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব।

আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি এই কথা জনাই গ’ল্ডৰ সহকাৰী সাধাৰণ সম্পাদক কাবেৰী শৰ্মাই।

তেওঁ লগতে কয় যে পূৰ্বৰ তুলনাত সমগ্ৰ দেশৰ লগতে অসমতো বৃদ্ধি পাইছে শিশু সৰবৰাহ তথা যুৱতী-মহিলাৰ ওপৰত চলোৱা শাৰিৰীক আৰু মানসিক নিৰ্য্যাতনৰ ঘটনা।

ইপিনে, ‘চিলড্ৰেন ফাউণ্ডেছন’ নামৰ ব্যক্তিগত সংস্থাটোৱে চলোৱা সমীক্ষা অনুসৰি দেশত প্ৰতি ঘন্টাত চাৰিগৰাকীকৈ যুৱতী যৌন নিৰ্য্যাতনৰ বলি হয়। ইয়াৰোপৰি প্ৰতি ৩৭ মিনিটত দুগৰাকীকৈ মহিলা গাৰ্হস্থ্য নিৰ্য্যাতনৰ বলি হ’বলগীয়া হয় বুলি সংবাদমেলত শৰ্মাই জানিবলৈ দিয়ে।

এই শিশু নিৰ্যাতন আৰু যুৱতী-মহিলা নিৰ্যাতন ৰোধৰ বাবে ‘চিল্ড্ৰেন ফাউণ্ডেচন’-এ সমগ্ৰ দেশতে লোকসভাৰ নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিব লগা প্ৰাৰ্থীসকলৰ বাবে শিশু আৰু মহিলা-যুৱতীৰ নিৰ্যাতন ৰোধ সম্পৰ্কীয় বিশেষ কৰ্মশালাৰ আয়োজন কৰিছে বুলিও শৰ্মাই সংবাদমেলত জানিবলৈ দিয়ে। তাৰ অংশ হিচাপে অসমতো সংগঠনটোৱে অহা ৯ এপ্ৰিলত গুৱাহাটীত আয়োজন কৰিব কৰ্মশালা।

উক্ত কৰ্মশালাত ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিৰ প্ৰতিটো ৰাজনৈতিক দলৰ একাংশ প্ৰতিনিধি উপস্থিত থাকিব বুলি তেওঁ জনায়। উক্ত কৰ্মশালাৰ জৰিয়তে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰতিগৰাকী প্ৰাৰ্থীলৈ শিশু নিৰ্যাতন আৰু মহিলা-যুৱতী নিৰ্যাতন ৰোধৰ বাবে একোখনকৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিব বুলিও জানিবলৈ দিয়ে।

আনহাতে গ’ল্ডে বৰ্তমানলৈ ৩০০০ গৰাকী শিশু-যুৱতীক মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ কৰি তেওঁলোকৰ তত্বৱধানত ৰাখিছে বুলি সংবাদমেলত শৰ্মাই সদৰী কৰে।