NORTHEAST NOW (Assamese)
অসম

শ্ৰেয়াছ, গীল, অক্ষৰৰ দমনীয় প্ৰদৰ্শনেৰে ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম এদিনীয়াত ভাৰতৰ সহজ জয়

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 6, 2025 9:02 pm
শ্ৰেয়াছ, গীল, অক্ষৰৰ দমনীয় প্ৰদৰ্শনেৰে ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম এদিনীয়াত ভাৰতৰ সহজ জয়

ৰোহিত শৰ্মাৰ দলে জয়লাভ কৰিলে, ব্যৰ্থ হ’ল ৰোহিত। ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া খেলত ৰোহিত শৰ্মাৰ টিম ইণ্ডিয়াই চাৰি উইকেটত জয়লাভ কৰে। কিন্তু ভাৰতীয় অধিনায়কগৰাকীৰ বেটিং ফৰ্মে কোনো সকাহ নিদিলে। টেষ্ট ফৰ্মেটৰ পিছত এদিনীয়া মেচতো ব্যৰ্থ হয় ৰোহিত। চেম্পিয়নছ ট্ৰফীৰ আগত অস্বস্তিৰ কাৰণ হৈ পৰিল ৰোহিত শৰ্মা!

তেওঁ সাতটা বল খেলি দুই ৰান কৰে। ইংলেণ্ডৰ বিৰুদ্ধে এই এদিনীয়া শৃংখলাটো চেম্পিয়নছ ট্ৰফীৰ বাবে ড্ৰেছ ৰিহাৰ্চেল হিচাপে বিবেচিত হৈছে। সকলোৰে দৃষ্টি দুই মহাতাৰকা ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ ওপৰত।

আঁঠুৰ আঘাতৰ বাবে বিৰাট কোহলীয়ে প্ৰথম এদিনীয়াত খেলিব নোৱাৰিলে। ৰোহিত নামিল। তেওঁ দলটোক নেতৃত্ব দিছিল। তেওঁৰ দলটোৱে ইংলেণ্ডক ২৪৮ ৰানতে সীমাবদ্ধ কৰি ৰাখিছিল। ইয়াৰ পাছতে ৬৮টা বল বাকী থকা অৱস্থাত ৰোহিতৰ টিম ইণ্ডিয়াই বেটিং কৰিবলৈ নামি জয় সাৱ্যস্ত কৰে। মুঠতে চাৰি উইকেটৰ প্ৰত্যয়জনক জয়। কিন্তু ৰোহিতৰ বেট নিশ্চুপ আছিল।

তেওঁৰ ওপৰত যথেষ্ট চাপ। চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে তেওঁৰ ফৰ্মক লৈ চিন্তিত হৈ পৰিছে নিৰ্বাচকসকল। চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে ৰোহিত শৰ্মাৰ আৰু দুখন এদিনীয়া মেচ আছে। সেই দুখন মেচলৈ সকলোৱে চাই থাকিব। যদিহে তেওঁ ছিৰিজত ৰান নাপায় তেন্তে হিটমেনে আৰু অধিক চাপত চেম্পিয়নছ ট্ৰফীত প্ৰৱেশ কৰিব।

ৰোহিতে চাকিব মাহমুদৰ বলটো উঠাই মাৰিবলৈ গৈ আউট হৈ উভতি যায়। ২৪৮ ৰান অনুসৰণ কৰি জয়ী হোৱাটো কোনো কঠিন কাম নহয়। আন এগৰাকী অ’পেনাৰ যশস্বী জয়ছৱাল মাত্ৰ ১৫ ৰানতে আউট হয়। যদিও দুয়োজন অ’পেনাৰ সোনকালে আউট হৈ গ’ল, তথাপিও ভাৰতৰ জয়ৰ বাবে কোনো সমস্যা নাছিল।

প্ৰথমতে শ্ৰেয়াছ আয়াৰ। পিছত শুভমান গীল আৰু অক্ষৰ পেটেলৰ দমনীয় প্ৰদৰ্শনৰ বাবেই ভাৰতে খেলখন সহজেই জয়লাভ কৰে। শুভমান গীল বিশেষভাৱে উল্লেখযোগ্য। তেওঁৰ পৰা বহু আশা আছে। চেম্পিয়নছ ট্ৰফীত সকলোৱে তেওঁলৈ চাই আছে। তেওঁৰ বাবে পুনৰ ট্ৰেকত অহাটো গুৰুত্বপূৰ্ণ। প্ৰথমখন এদিনীয়াত নিৰাশ নকৰিলে গীলে। দুই অ’পেনাৰ হেৰুৱাই যেতিয়া ভাৰত চাপ পৰিল, তেতিয়া গীল আৰু শ্ৰেয়াছে মিলি চাপ লাঘৱ কৰে।

শ্ৰেয়াছ আয়েৰ (৫৯) ঘূৰি অহাৰ পিছত অক্ষৰ পেটেলৰ সৈতে গীলে ভাৰতক জয়ৰ মুখলৈ লৈ যায়। অক্ষৰ পেটেল অৱশ্যে শেষলৈকে তিষ্ঠি থাকিব নোৱাৰিলে। আদিল ৰছিদৰ ৫২ ৰানত আউট হয়। লোকেশ ৰাহুল (২)ও ব্যৰ্থ হয়। শুভমান গীলে খৰধৰকৈ মেচখন শেষ কৰিবলৈ গৈ ৮৭ ৰানত আউট হৈ যায়। বাকী কামখিনি ৰবীন্দ্ৰ জাদেজা আৰু হাৰ্দিক পাণ্ডিয়াই সমাপ্ত কৰে।