NORTHEAST NOW (Assamese)
অসম

জুবিনৰ পৰামৰ্শ মতেই গীত, ৰাজীৱ গান্ধী, ইন্দিৰা গান্ধীৰ ভাষণ শুনোৱা হৈছে তৰুণ গগৈক : গৌৰৱ গগৈ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 23, 2020 3:39 pm

চিকিৎসকৰ অনুমতি লৈ পৰহি নিশা জুবিন গাৰ্গে দিয়া পৰামৰ্শ মতেই গীত, ইন্দিৰা গান্ধীৰ ভাষণ শুনোৱা হৈছে তৰুণ গগৈক।

সংবাদ মাধ্যমৰ আগত এই কথা জানিবলৈ দিয়ে তৰুণ গগৈৰ পুত্ৰ তথা সাংসদ গৌৰৱ গগৈয়ে।

তেওঁক মেকানিকেল হেড ফোনৰ জৰিয়তে ভূপেন্দ্ৰ সংগীত, হৰি নাম, বৰগীতৰ লগতে কংগ্ৰেছৰ প্ৰয়াত নেতাৰ ভাষণ শুনাই থকা হৈছে বুলি জানিবলৈ দিয়ে গৌৰৱ গগৈয়ে।

মানসিক শান্তি লাভ কৰিবৰ বাবে এনেদৰে গীত শুনোৱা হৈছে বুলি গগৈয়ে কয়।

ইপিনে, তৰুণ গগৈয়ে পুত্ৰ গৌৰৱ গগৈক প্ৰয়াত প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধী, ইন্দিৰা গান্ধীৰ পৰা যুৱ কালত অনুপ্ৰাণিত হৈ ৰাজনীতিত নামিছিল বুলি কৈছিল বুলি তেওঁ কয়।

প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙে আজি দুপৰীয়া গৌৰৱ গগৈ লৈ ফোন কৰি পিতৃৰ খবৰ লোৱা বুলি তেওঁ জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, বৰ্তমানো গগৈৰ অৱস্থা অতি সংকটজনক আৰু চিকিৎসকে ইতিমধ্যে চিকিৎসাৰ ক্ষেত্ৰত ব্যৱস্থা ল’ব নোৱাৰা হৈছে বুলি জনায় স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।