NORTHEAST NOW (Assamese)

আজি মাধবদেৱৰ তিৰোভাৱ তিথি; বৰপেটা সত্ৰত দহ দিনীয়াকৈ তিথি পালন

August 20, 2019 4:59 pm · পুলেন্দ্ৰ দাস
Updated: August 20, 2019 5:03 pm

অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেবৰ প্ৰপন্ন শিষ্য মহাপুৰুষ শ্ৰী শ্ৰী মাধবদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হয়।

মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত দহ দিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱ পালন কৰা হৈছে ৷ বৰপেটা সত্ৰত আজিৰ পৰা দহ দিন পূৰ্বে একাদশীত কীৰ্তন থাপনা কৰা হৈছিল।

তিৰোভাৱ তিথি মহোৎসৱ উপলক্ষে আজি মূল সবাহৰ দিনা সত্ৰত পুৱাৰ ভটিমা গোৱাৰ পিছত পাঠকে ৬টা ঘোষা আৰু কংস বধৰ ৯টা ঘোষাৰ লগতে আন ৭টা ঘোষা গাই প্ৰসাদ বিতৰণ কৰে।

পিছত ভকতসকলে গুৰুকৰ শোধায়। প্ৰসংগৰ পিছত গায়ন-বায়নে গুৰুঘাট বজাই ভোজন বিহাৰ অংক কৰাৰ পিছত দুপৰীয়া ঘোষা কীৰ্তন, ব্যাহ কীৰ্তন, আৰু সন্ধিয়া গায়ন-বায়নে বৰধেমালী আৰু ঘোষা ধেমালী বজায়।

ইপিনে মাধবদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ উপলক্ষে সত্ৰীয়া পৰম্পৰা অনুসৰি ওজাপালি, গায়ন বায়ন, নাম কীৰ্তনীয়া দল, সত্ৰীয়া আৰু ভকতসহ দক্ষিণ হাটীৰ বাপুসকলে থূল দক্ষিণ হাটীৰ ভড়াল গৃহৰ পৰা শোভাযাত্ৰা কৰি আজি সন্ধিয়ালৈ বৰপেটা সত্ৰত কৰভাৰ প্ৰদান কৰিব।

Related News