NORTHEAST NOW (Assamese)
অসম

ভেকচিন, দৰৱ নোলালে ’২১ৰ শেষলৈ ভাৰতত দিনে ইমান মানুহ আক্ৰান্ত হ’ব ক’ভিডত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 8, 2020 11:03 pm
1216 persons cured of COVID-19 in Assam on Tuesday

আমেৰিকাৰ মাছাচুচেটছ ইনষ্টিটিউট অৱ টেকনলজিৰ গৱেষকৰ দল এটাই কৈছে যে ক’ভিড-১৯ৰ প্ৰতিষেধক বা কাৰ্য্যকৰী দৰৱ নোলালে ২০২১ৰ শীতকাললৈ ভাৰতত দিনে ২.৮৭ লাখ লোক ক’ভিড-১৯ত আক্ৰান্ত হ’ব পাৰে।

মহামাৰীৰ গৱেষকসকলে ব্যৱহাৰ কৰা এক মান্য গাণিতিক মডেল ব্যৱহাৰ কৰি গৱেষকৰ দলটোৱে এই ভৱিষ্যতবাণী কৰিছে।

অৱশ্যে ক’ভিড মহামাৰীৰ ক্ষেত্ৰত গাণিতিক মডেলৰ গ্ৰহণযোগ্যতাক ইতিমধ্যে বহুজনে অগ্ৰাহ্য কৰিছে।

গৱেষণাটোৰ মতে দিনে হোৱা সংক্ৰমণৰ হাৰৰ ক্ষেত্ৰত ২০২১ৰ শীতকাললৈ বিশ্বৰ শীৰ্ষত থাকিব ভাৰত।

আৰু তাৰ পিছতে থাকিব আমেৰিকা, দক্ষিণ আফ্ৰিকা, ইৰান, ইন্দোনেছিয়া, নাইজেৰিয়া, তুৰ্কি, ফ্ৰাঞ্চ আৰু জাৰ্মেনি।

তেওঁলোকৰ হিচাপ মতে প্ৰতিদিনে আমেৰিকাত ৯৫,০০০, দক্ষিণ আফ্ৰিকাত ২১০০০, ইৰানত ১৭০০০ আৰু ইন্দোনেছিয়াত ১৩,০০০ লোক ক’ভিড পজিটিভ চিনাক্ত হ’ব।

গৱেষকসকলৰ মতে ২০২১ৰ বসন্তকাললৈ বিশ্বত ২৪.৯ কোটি ক’ভিড পজিটিভ ঘটনাই দেখা দিব আৰু ১৮ লাখ লোকে প্ৰাণ হেৰুৱাব।

জনছ হপকিনছ বিশ্ববিদ্যালয়ৰ তথ্য মতে বুধবাৰ পৰ্য্যন্ত ক’ভিড-১৯ পজিটিভৰ ঘটনা ১১.৭ মিলিয়নলৈ বৃদ্ধি পাইছে আৰু ৫৪৩০০০ লোকৰ ইয়াত মৃত্যু হৈছে।